ETV Bharat / state

মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ড : অপৰাধৰ পুনৰ দৃশ্যায়নত পত্নীসহ দুই অভিযুক্ত - Chabua Murder Case

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Chabua murder case crime scene : যেন এখন থ্ৰীলাৰধৰ্মী হিন্দী ছবি । থ্ৰীলাৰ কাহিনীৰ সকলো উপাদানেই আছে ইয়াত । মাত্ৰ পাৰ্থক্য এটাই, এই কাহিনী 'ৰিল'ত নহয়, 'ৰিয়েল'ত । এয়া হৈছে চাবুৱাৰ জেৰাই গাঁৱৰ বহুচৰ্চিত জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ড । মুখত ক'লা কাপোৰ বান্ধি জেৰাই গাঁৱৰ স্বগৃহলৈ অনা হ’ল স্বামী হত্যাকাৰী প্ৰহেলিকা বৰুৱাসহ আন দুজনক । ঘটনাৰ পুনৰ দৃশ্যায়নৰ বাবে অনা হয় প্ৰহেলিকা বৰুৱাক । ইফালে মৃত মাধুৰ্য বৰুৱাৰ বাসগৃহৰ চোতালতে প্ৰহেলিকা বৰুৱাৰ কাপোৰকে ধৰি সকলো বস্তু জ্বলাই দি ৰাইজে গ্ৰহণ কৰে এক চৰম সিদ্ধান্ত ।

Chabua Murder Case Crime Scene
মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ড : অপৰাধৰ পুনৰ দৃশ্যায়নত পত্নীসহ দুই অভিযুক্ত (ETV Bharat Assam)

ডিব্ৰুগড়, ২৪ ছেপ্টেম্বৰ : প্ৰথমে ঘটনাৰ পটভূমি ৰচনা, তাৰ পিছত পৰিকল্পনা । ইয়াৰ পিছত হিংসা, আক্ৰমণ আৰু হত্যা । এয়া এখন থ্ৰীলাৰধৰ্মী হিন্দী ছবিৰ কাহিনীৰ সাৰাংশ । কিন্তু ছবিৰ চিত্ৰায়ন 'ৰিল'ত নহয়, এইবাৰ হৈছে 'ৰিয়েল'ত; অৰ্থাৎ বাস্তৱত সংঘটিত এটা ৰূপালী পৰ্দাৰ দৰে ঘটনা । ঘটনাটো সংঘটিত হৈছিল যোৱা ১০ ছেপ্টেম্বৰত । ঘটনাৰ স্থান ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁও । এই নৃশংস ঘটনাৰ বলি হোৱা এগৰাকী নিৰীহৰ হত্যাৰ 'প্ৰহেলিকা' ফালি ওলাই আহে তেওঁৰ নিজৰে 'প্ৰহেলিকা' ।

সমগ্ৰ ডিব্ৰুগড় তথা অসমৰ বাবেই এটা অভিশপ্ত দিন আছিল ১০ ছেপ্টেম্বৰ । কিয়নো এই দিনটোতে বঙহে বঙহৰ ৰক্তৰে ৰঞ্জিত হোৱাৰ এক নৃশংস ঘটনাৰ সাক্ষী হৈছিল জেৰাই গাঁও । জলসম্পদ বিভাগৰ এগৰাকী কৰ্মচাৰীৰ নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ।

ঘটনাটো কি আছিল

যোৱা ১০ ছেপ্টেম্বৰত নিশা চোকা অস্ত্ৰ আৰু ধুমুচেৰে খুন্দিয়াই হত্যা কৰা হৈছিল জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক । শোৱাপাটীতে হত্যা কৰা হৈছিল অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ জলসম্পদ বিভাগৰ কৰ্মচাৰীগৰাকীক । তাকো হত্যাৰ বলি হৈছিল নিজৰ পত্নীৰ হাতত । নিজ স্বামীক পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰি মাধুৰ্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱাই আৰম্ভ কৰিছিল এখন নাটক ।

প্ৰহেলিকাৰ 'হত্যা প্ৰহেলিকা' কেনেদৰে আঁতৰিছিল

চাৰিজনীয়া দুৰ্বৃত্তৰ এটা দলে মুখত ক'লা কাপোৰ বান্ধি শুই থকা অৱস্থাত মাধুৰ্যক হত্যা কৰা বুলি ভাষ্য প্ৰদান কৰিছিল মাধুৰ্য বৰুৱাৰ পত্নীয়ে । আনহাতে, সংবাদ মাধ্যমক ঘৰত প্ৰৱেশ কৰি বাতৰি পৰিবেশন কৰিবলৈ দিয়া নাছিল পত্নীয়ে । ইফালে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চাবুৱা আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত । এই তদন্তৰ অন্তত ১৪ ছেপ্টেম্বৰত চাবুৱাৰ জেৰাই গাঁৱত নিজ স্বামী মাধুৰ্য বৰুৱাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় পত্নী প্ৰহেলিকা বৰুৱাসহ ময়ন্ত গগৈ আৰু ভাস্কৰ শইকীয়া নামৰ আন দুই সহযোগী । ইয়াৰ পিছত তিনিওকে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

অপৰাধৰ পুনৰ চিত্ৰায়ন

ইফালে জেৰাই গাঁৱৰ বহুচৰ্চিত মাধুৰ্য বৰুৱাৰ হত্যাৰ লগত জড়িত পত্নী প্ৰহেলিকা বৰুৱা, ময়ুন্ত গগৈ আৰু ভাস্কৰ শইকীয়াক অধিক সোধাপোছাৰ বাবে সোমবাৰে নিশা পুনৰ তিনিদিনৰ বাবে চাবুৱা আৰক্ষীয়ে নিজৰ জিম্মাত লয় । ইয়াৰ পিছত আৰক্ষীয়ে মুখত ক'লা কপোৰ বান্ধি জেৰাই গাঁৱৰ স্বগৃহলৈ আনে স্বামী হত্যাকাৰী প্ৰহেলিকা বৰুৱাসহ আন দুজনক । মঙলবাৰে ঘটনাৰ পুনৰ দৃশ্যায়নৰ বাবে অনা হয় প্ৰহেলিকা বৰুৱাসহ আন দুজনক ।

প্ৰায় দুসপ্তাহ ধৰি প্ৰশাসনে ছীল কৰি থোৱা ঘৰৰ তলা খুলি ভিতৰত প্ৰৱেশ কৰি দণ্ডাধীশৰ উপস্থিতিত তিনিও অভিযুক্তৰ মুখেৰে সেই শিহৰণকাৰী হত্যাকাণ্ডৰ বিৱৰণ লয় আৰক্ষীয়ে । আনহাতে, ঘটনাৰ পুনৰ চিত্ৰায়নৰ পাছতে আৰক্ষীয়ে ছীল কৰি দিয়ে মৃত মাধুৰ্য বৰুৱাৰ বাসগৃহ ।

জেৰাই গাঁৱত উত্তেজনাপূৰ্ণ পৰিৱেশ

আৰক্ষীয়ে কটকটীযা নিৰাপত্তাৰ মাজত মঙলবাৰে ঘটনাৰ পুনৰ দৃশ্যায়নৰ বাবে প্ৰহেলিকা বৰুৱাক অনাৰ সময়ত জেৰাই গাঁৱত দেখা যায় তীব্ৰ উত্তেজনাৰ লগতে আবেগিক পৰিৱেশ । নিজৰ কণমানি কন্যাৰ সন্মুখতে নিজৰ স্বামীক হত্যা কৰা প্ৰহেলিকা বৰুৱাৰ লগতে আন দুজন ময়ুন্ত গগৈ, ভাস্কৰ শইকীয়াক উচিত শাস্তি দিয়াৰ দাবী জনাই ৰাইজে ।

প্ৰহেলিকা বৰুৱাক মৃত ঘোষণা ৰাইজৰ

আনহাতে, মঙলবাৰে আৰক্ষীয়ে মাধুৰ্য বৰুৱাৰ ঘৰটোৰ ছীল খোলাৰ পাছতেই মৃত মাধুৰ্য বৰুৱাৰ বাসগৃহৰ চোতালতে প্ৰহেলিকা বৰুৱাৰ কাপোৰৰ পৰা আদি কৰি আন সকলো বস্তু জ্বলাই দিয়ে ৰাইজে । লগতে প্ৰহেলিকা বৰুৱাক গাঁওখনত প্ৰৱেশ নিষিদ্ধ কৰি মৃত ঘোষণা কৰে গাঁওবাসীয়ে । ইয়াৰ উপৰি তিনিদিনৰ পাছত প্ৰহেলিকা বৰুৱাৰ তিলনি পাতিব ৰাইজে । কাৰাগাৰৰ পৰা ওলাই আহিলেও জেৰাই গাঁৱত প্ৰহেলিকাক সোমাবলৈ নিদিয়ে ৰাইজে । সেই কথাও স্পষ্টভাৱে জনাই দিয়ে গাঁওবাসীয়ে ।

লগতে পঢ়ক :পত্নীয়েই হত্যা কৰিছিল নেকি মাধুৰ্য বৰুৱাক ? তিনি অভিযুক্তক পুনৰ জেৰা আৰক্ষীৰ - Chabua murder case
লগতে পঢ়ক :জোকোৱা-জুকিয়েই হ’লগৈ হত্যাকাণ্ডৰ কাৰণ ! জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু কনিষ্ঠ ছাত্ৰৰ - Students Murder in Sipajhar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.