ETV Bharat / state

নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল, কেবিনেটত অনুমোদন ১৪৮.৫৫ কোটি - Assam Cabinet Meeting

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Assam Cabinet decisions : বিভিন্ন ইঞ্জিনীয়াৰিং আৰু পলিটেকনিক কলেজত নিয়োজিত হৈ থকা ৪৫১ গৰাকী অংশকালীন ফেকাল্টিক খালী থকা পদত নিযুক্তি দিয়াৰ বাবে কেবিনেটৰ অনুমোদন ৷ তিনিখন পলিটেকনিকৰ বাবে ১৫০ কোটি টকাৰ অনুমোদন ৷ আৰু কি কি সিদ্ধান্ত ল'লে কেবিনেটে ? পঢ়ক অই প্ৰতিবেদন ৷

Assam Cabinet Decisions
নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল (ETV Bharat Assam)

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : ৰাজ্যৰ নৱম শ্ৰেণীৰ ৩,২৩,৬৪০ গৰাকী ছাত্র-ছাত্রীক চৰকাৰে প্ৰদান কৰিব চাইকেল । ইয়াৰ বাবে মঙলবাৰে ৰাজ্যিক কেবিনেটে ১৪৮.৫৫ কোটি টকাৰ অনুমোদন জনায় ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই ।

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সংবাদ মাধ্যমৰ আগত ঘোষণা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ (ETV Bharat Assam)

কেবিনেটৰ সিদ্ধান্তসমূহ

  1. কেবিনেটে দ্বৈত ৰে'ল লাইনৰ বাবে প্ৰয়োজনীয় ৮ বিঘা ভূমি ৰে'লৱেক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ গোৱালপাৰা হৈ আজাৰা-কামাখ্যা অনুমোদিত দ্বৈত ৰে'ল লাইনৰ বাবে প্ৰয়োজনীয় অসম চৰকাৰৰ আঠ বিঘা ভূমি ৰে'লৱেক দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায় । ইয়াৰে সাত বিঘা ভূমি জালুকবাৰী মৌজাৰ অধীনৰ আৰু এক বিঘা ভূমি চকৰ্দৈ মৌজাৰ অধীনৰ ।
  2. ৰাজ্যৰ হাজো, মাজুলী আৰু টিংখাঙত নিৰ্মাণ হৈ থকা তিনিখন পলিটেকনিকৰ বাবে কেবিনেটে ১৫০ কোটি টকাৰ অনুমোদন দিয়ে ।
  3. অসমৰ বিভিন্ন ইঞ্জিনীয়াৰিং আৰু পলিটেকনিক কলেজত নিয়োজিত হৈ থকা ৪৫১ গৰাকী অংশকালীন ফেকাল্টিক খালী থকা পদত নিযুক্তি দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায় ।
  4. নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল দিয়াৰ ক্ষেত্রত কেবিনেটৰ অনুমোদন । ৰাজ্যৰ নৱম শ্ৰেণীৰ ৩,২৩,৬৪০ গৰাকী ছাত্র আৰু ছাত্রীক চাইকেল দিয়াৰ বাবে মঙলবাৰৰ কেবিনেটে ১৪৮.৫৫ কোটি টকাৰ অনুমোদন জনায় । চাইকেল দিয়াৰ উদ্দেশ্য হৈছে যাতে শিক্ষাৰ্থীসকল সময়মতে তথা নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব পাৰে আৰু ড্ৰপ আউটৰ হাৰ কমি আহে ।
  5. কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ১৩১ গৰাকী শিক্ষক নিযুক্তি দিছিল । অসম চৰকাৰ তথা বিত্ত বিভাগৰ সন্মতি অবিহনে প্ৰয়োজনৰ তাগিদাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এই নিযুক্তি দিছিল । মঙলবাৰৰ কেবিনেটে নিযুক্তি দিয়া উক্ত ১৩১ গৰাকী শিক্ষকৰ নিয়মীয়াকৰণৰ ক্ষেত্রত অনুমোদন জনায় । লগতে অসম চৰকাৰে ভৱিষ্যতে এনেদৰে নিযুক্তি নিদিয়াৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতি আহ্বান জনায় ।
লগতে পঢ়ক :জোনমণি ৰাভাৰ মৃত্যু: চি বি আইৰ তদন্তত কি কি বিস্ফোৰক তথ্য - SI Junmoni Rabha Accident Case
লগতে পঢ়ক :নিজৰ চৰকাৰৰ দিনতে দলীয় কৰ্মীক সুৰক্ষা দিব নোৱৰাত মনোবল হ্ৰাস হৈছে বহু বিজেপি কৰ্মীৰ: ক্ষোভ জ্যেষ্ঠ বিজেপি নেতাৰ - Debajit Hazarika Suicide Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.