গুৱাহাটী,২৪ ছেপ্টেম্বৰ: সগৌৰৱৰে অসমৰ ছবিগৃহত চলিছে সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া ছবি 'চিকাৰ' । দৰ্শক-অনুৰাগীৰ ব্যপক সঁহাৰিৰে তিনিটা দিনতে ছবিখনে বক্স অফিচত খলকনি তুলি ৩ কোটিৰ উপাৰ্জনৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে টীম 'চিকাৰ' মঙলবাৰে উপস্থিত হ'ল পাণবজাৰস্থিত চাইবাৰ ক্ৰাইম অনুসন্ধানৰ কাৰ্যালয়ত । ছবিখনৰ প্ৰযোজক-পৰিচালকসহ কেইবাজনো কলা-কুশলী উপস্থিত হয় চাইবাৰ অপৰাধ শাখাৰ কাৰ্যালয়ত ।
এটা ইউটিউব চেনেলৰ বিৰুদ্ধে চাইবাৰ অপৰাধ শাখাত গোচৰ তৰে ছবিখনৰ দলটোৱে । ছবিখনৰ পাইৰেচী কৰাৰ ক্ষেত্ৰত জড়িত হোৱাৰ সন্দেহত ইউটিউব চেনেলটোৰ বিৰুদ্ধে গোচৰ তৰে টীম চিকাৰে । Tech you crash নামৰ এটা ইউটিউব চেনেলৰ এগৰাকী যুৱকৰ বিৰুদ্ধে গোচৰ টীম 'চিকাৰ'ৰ । চেনেলটোৰ জৰিয়তে ছবিগৃহলৈ নোযোৱাকৈ ঘৰতে চিকাৰ ছবি চাবলৈ পাব বুলি উল্লেখ কৰিছিল যুৱকজনে । যাৰ বাবে চাইবাৰ অপৰাধ শাখাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয় 'চিকাৰ'ৰ পৰিচালক দেৱাংকৰ বৰগোঁহাই, প্ৰযোজক চেম ভট্টাচাৰ্যসহ টিম চিকাৰে ।
ইফালে ছবিগৃহত এতিয়া সগৌৰৱে চলি আছে অসমীয়া ছবি চিকাৰ । যোৱা ২০ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰায় ৬০ টা ছবিগৃহত মুক্তিলাভ কৰা ছবিখনৰ মুক্তিৰ তিনিদিনৰ মুঠ সংগ্ৰহ ১,০৫,২৫,৬৮১ টকা । অৱশ্যে ছবিখন মুক্তিৰ পাছত ছবিখনক লৈ সমাজিক মাধ্যমত বহুতে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে। মুক্তিৰ প্ৰথম দুটা দিনত দৰ্শকৰ পৰা আশানুৰূপ সঁহাৰি লাভ কৰা নাছিল যদিও 'চিকাৰ' উপভোগ কৰিবলৈ অহা দৰ্শকৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে ।
এই সন্দৰ্ভত ছবিখনৰ প্ৰযোজক চেম ভট্টাচাৰ্যই জনাই,"ছবিখনে বৰ্তমানলৈ ১ কোটি টকাৰ ওপৰত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে আমি উৎফুল্লিত । আশা কৰো ছবিখন দৰ্শকে আঁকোৱালি ল'ব । বহুকেইটা কাৰণৰ বাবে ছবিখনে অকণমান বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে । ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা চলি থকাৰ লগতে বতৰৰ বাবেও দৰ্শকৰ সংখ্যা আশা কৰা অনুসৰি লাভ কৰা নাছিলো । কিন্তু ইমানৰ মাজতো ছবিখনে ১ কোটি সংগ্ৰহ কৰিছে তাৰ বাবে আমি সুখী ।" ইফালে আগন্তুক সপ্তাহৰ পৰা ছবিখন চেন্নাই, বেংগালুৰু, পুনে আৰু দিল্লীত মুক্তি দিয়াৰ পৰিকল্পনা হাতত লোৱা বুলি জনাই প্ৰযোজকগৰাকীয়ে ।