মহাবিদ্যালয়ত বিশেষ বজাৰ, কেম্পাছ বজাৰত গ্ৰাহকৰ ভিৰ - Campus Bazar

🎬 Watch Now: Feature Video

thumbnail

সৰুপথাৰ,২৪ ছেপ্টেম্বৰ: সৰুপথাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় কেম্পাছ বজাৰ । নতুন শিক্ষানীতিৰ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি বাণিজ্য বিভাগৰ উদ্যোগত মঙলবাৰে মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় কেম্পাছ বজাৰ । ছাত্ৰ-ছাত্ৰীসকলক স্বনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে মহাবিদ্যালয়ৰ স্তৰতেই ব্যৱসায়ৰ প্ৰায়োগিক জ্ঞান দিয়াৰ উদ্দেশ্যৰে সৰুপথাৰ মহাবিদ্যালয়ৰ এক ব্যতিক্ৰমী প্ৰয়াস । এই পদক্ষেপৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকল উৎসাহিত হৈছে বুলি উল্লেখ কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই ।  

বজাৰ বুলি ক'লেই ব্যৱসায়ৰ দিশসমূহ লক্ষ্যনীয় । ছাত্ৰাৱস্থাৰ পৰাই ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ, ব্যৱসায়ৰ দিশ শিকিব পৰাৰ এই প্ৰচেষ্টা শলাগিবলগীয়া । মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নিজেই বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি কেম্পাছৰ ভিতৰতেই বিপণিসমূহত উপলব্ধ কৰিছে ভিন্ন ধৰণৰ খাদ্য সামগ্ৰী । উল্লেখ্য যে সাধাৰণতে ব্যৱসায়-বাণিজ্যৰ কৌশলসমূহ বিকশিত হোৱাত ই এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব । ব্যৱসায়ৰ সময়ত গ্ৰাহকৰ লগত ব্যৱহাৰ, আচৰণ ইত্যাদিৰ বিকাশ সাধন হ'ব । গতিকে এই প্ৰচেষ্টা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যৱসায়ৰ প্ৰাৰম্ভিক পৰ্যায় বুলি ক'ব পাৰি । 

লগতে পঢ়ক: প্ৰচণ্ড গৰমৰ পিছত অহা বতাহজাকেই যেন একাংশৰ বাবে হৈ পৰিল অভিশাপস্বৰূপ - Heavy rain and storm

গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত আদলতত গুৰুত্বপূৰ্ণ শুনানি - Guwahati Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.