ETV Bharat / state

জোনমণি ৰাভাৰ মৃত্যু: চি বি আইৰ তদন্তত কি কি বিস্ফোৰক তথ্য - SI Junmoni Rabha Accident Case

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

SI Joonmoni Rabha suspected murder case: প্ৰকৃততে এইবাৰ জোণমনি ৰাভাৰ মৃত্যুৰ প্ৰতিবেদন দাখিল কৰা নাই চি বি আইৰ দলে । জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে সাঙোৰ খোৱা আন কেবাটাও দিশ উন্মোচন কৰি অসম আৰক্ষীক প্ৰতিবেদন দাখিল কৰিছে চি বি আয়ে । জোনমণি ৰাভাৰ মৃতদেহৰ পৰা কোনে চুৰি কৰিছিল সোণৰ চেইন ? কি কি আছে চি বি আইৰ প্ৰতিবেদনত ? ই টিভি ভাৰত অসমৰ এক বিশেষ প্ৰতিবেদন ।

SI Joonmoni Rabha suspected murder case, CBI reveals new data
জোনমণি ৰাভাৰ মৃত্যু (ETV Bharat Assam)

নগাঁও,২৪ ছেপ্টেম্বৰ: অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ তদন্ত কৰা কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আইৰ তদন্তৰ প্ৰতিবেদনৰ পৃষ্ঠা খোল খোৱাৰ পাছতেই পুনৰ চৰ্চালৈ আহিছে জোণমনি ৰাভাৰ মৃত্যুৰ প্ৰসংগ । বিগত বৰ্ষৰ ১৫ মে'ৰ নিশা দুৰ্ঘটনাত মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ হৈছিল সেই সময়ত নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত অৱস্থাত থকা জোনমণি ৰাভাই ।

নকল সোণ আৰু জালনোট সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে লখিমপুৰত জোনমণি ৰাভাৰ নেতৃত্বত এক অভিযান চলোৱাৰ পাছতেই জোল নোট আৰু নকল সোণ বিতৰ্কও সাঙোৰ খাই পৰিছিল জোণমনি ৰাভাৰ মৃত্যু প্ৰসংগত । এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি হোৱা প্ৰতিবাদ, প্ৰতিক্ৰিয়াৰ পাছত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছিল কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আইক ।

SI Joonmoni Rabha suspected murder case, CBI reveals new data
চি বি আইৰ তদন্তত কি কি বিস্ফোৰক তথ্য (ETV Bharat Assam)

অসম আৰক্ষীৰ চি আই ডিয়ে প্ৰথম পৰ্যায়ত অনুসন্ধান আৰম্ভ কৰা জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত পৰৱৰ্তী সময়ত আৰম্ভ কৰিছিল চি বি আয়ে । প্ৰায় তিনি চাৰি মাহ চলোৱা তদন্তৰ অন্তত ৰহস্যজনক বুলি বিভিন্নজনে দাবী কৰা জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাত হোৱা বুলিয়েই উল্লেখ কৰি নগাঁও আদালতত চুড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল চি বি আইৰ দলে ।

কেইমাহমান পূৰ্বেই জোণমনি ৰাভাৰ মৃত্যুৰ প্ৰতিবেদন দাখিল কৰাৰ উপৰি অসম আৰক্ষীক দাখিল কৰা আন এক প্ৰতিবেদনৰ পাছতেই পুনৰ চৰ্চালৈ আহিছে জোনমণি ৰাভাৰ মৃত্যু । দ্বিতীয়বাৰৰ বাবে চি বি আয়ে দাখিল কৰা প্ৰতিবেদনত জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ উল্লেখ থকাৰ বিপৰীতে জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে সাঙোৰ খোৱা আন কেবাটাও দিশহে উন্মোচন হৈছে ।

অসম আৰক্ষীৰ এক শীৰ্ষ সূত্ৰৰ পৰা ই টিভি ভাৰতে লাভ কৰা খবৰ অনুসৰি নগাঁও আৰক্ষীৰ দুগৰাকী কনিষ্টবলসহ মুঠ সাতগৰাকী বিষয়াৰ বিৰুদ্ধে কিছু তথ্য লাভ কৰিছিল অনুসন্ধানকাৰী চি বি আইৰ দলে । এইসকলৰ ভিতৰত আছে জখলাবন্ধা আৰক্ষী থানাৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতা, উপ-পৰিদৰ্শক জাকাৰীয়া চৌধুৰী, উৎপল বৈশ্য, মনোজ বৰুৱা, আভাজ্যোতি ৰাভা, কনিষ্টবল ৰেব' বণিয়া আৰু মজিবুৰ ৰহমান । ইয়াৰোপৰি ৰচিদুল হ'ক আৰু ৰাজু বাস্ফৰৰ বিৰুদ্ধেও চি বি আইৰ দলে লাভ কৰিছে ভয়ংকৰ তথ্য ।

কাৰ কাৰ বিৰুদ্ধে কি তথ্য লাভ কৰিছে চি বি আয়ে ?

জখলাবন্ধা আৰক্ষী থানাৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতা, উপ-পৰিদৰ্শক জাকাৰীয়া চৌধুৰীৰ বিৰুদ্ধে জোনমণি ৰাভাৰ মাতৃয়ে সেই সময়ত দাখিল কৰা এজাহাৰৰ ওপৰত গোচৰ ৰুজু কৰাত গাফিলতি কৰাৰ তথ্য লাভ কৰিছে চি বি আইৰ দলে । ইয়াৰোপৰি উপ-পৰিদৰ্শক উৎপল বৈশ্য, মনোজ বৰুৱা, আভাজ্যোতি ৰাভা আৰু কনিষ্টবল ৰেব বনিয়া, মজিবুৰ ৰহমানৰ বিৰুদ্ধে নকল সোণৰ ব্যৱসায়ীৰ সৈতে সম্পৰ্ক থকাৰ তথ্যও লাভ কৰি প্ৰতিবেদনত চি বি আইৰ দলে উল্লেখ কৰা বুলি আৰক্ষীৰ বিশ্বস্ত সূত্ৰটোৰ পৰা জানিব পৰা গৈছে ।

আনহাতে লখিমপুৰৰ ৰচিদুল হ'ক আৰু জখলাবন্ধা হাস্পতালৰ চুইপাৰ ৰাজু বাস্ফৰৰ বিৰুদ্ধেও কিছু তথ্য লাভ কৰিছিল চি বি আইৰ দলে । লখিমপুৰৰ ৰচিদুল হ'কৰ বিৰুদ্ধে নকল সোণৰ বেহাৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰাৰ বিপৰীতে জখলাবন্ধা হাস্পতালৰ চুইপাৰ ৰাজু বাস্ফৰৰ বিৰুদ্ধে জোনমণি ৰাভাৰ মৃতদেহৰ পৰা সোণৰ চেইন চুৰি কৰা বুলি চি বি আইৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ থকা বুলিও আৰক্ষীৰ সূত্ৰটোৰ পৰা জানিব পৰা গৈছে ।

চি বি আইৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নগাঁও আৰক্ষীয়ে ৰচিদুল হ'কৰ বিৰুদ্ধে নগাঁও আৰক্ষী থানাত 933/24 নম্বৰত 120B/489A/511 ধাৰাৰ অধীনত ৰুজু কৰিছে অপৰাধৰ গোচৰ । একেদৰে জখলাবন্ধা হাস্পতালৰ চুইপাৰ ৰাজু বাস্ফৰৰ বিৰুদ্ধেও নগাঁও আৰক্ষী থানাত 934/24 নম্বৰত 379/406 ধাৰাৰ অধীনত দুটাকৈ গোচৰ ৰুজু কৰা বুলিও জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, চি বি আইৰ প্ৰতিবেদনত উল্লেখ থকা কনিষ্টবলসহ মুঠ সাতগৰাকীকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধেও ইতিমধ্যেই নগাঁও তথা অসম আৰক্ষীয়ে বিভাগীয় তদন্ত আৰম্ভ কৰা বুলিও এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়ক: ন্যায় পাব লাগিব জোনমণি ৰাভাই; মাতৃৰ কাষত ৰৈ অলকা লাম্বাৰ হুংকাৰ

SI Junmoni Rabha Accident Case : দুৰ্ঘটনাৰ সময়ত কেনে অৱস্থাত আছিল জোনমণি- কি ক’লে উদ্ধাৰকাৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.