নগাঁও :অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত ৰাজভৱনৰ সন্মুখত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা এজন কংগ্ৰেছ নেতাৰ মৃত্যুক লৈ মানৱ অধিকাৰ আয়োগত গোচৰ তৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে । যোৱা বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ । প্ৰশাসনৰ অনুমতি অবিহনে প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ নিক্ষেপ কৰিছিল কন্দুৱা গেছ ।
আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল হতাহতিৰো । ফলস্বৰূপে কেইবাজনো কংগ্ৰেছৰ প্ৰতিবাদকাৰী আহত হোৱাৰ উপৰি এজন কংগ্ৰেছ নেতাৰ মৃত্যু হয় । অসম প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ নেতা মৃদুল ইছলামৰ মৃত্যু হৈছিল । প্ৰতিবাদত অংশগ্ৰহণ কৰা কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুক এতিয়া সহজভাৱে ল'ব পৰা নাই কংগ্ৰেছ নেতৃত্বই । অৰক্ষীয়ে নিয়ম ভংগ কৰি কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলতেই কংগ্ৰেছ নেতাজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে অসম প্ৰদেশ কংগ্ৰেছ ।
সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৱ তালুকদাৰে কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্য়ুৰ ন্যায় বিচাৰি মানৱ অধিকাৰ আয়োগত তৰিছে গোচৰ । সোমবাৰে মানৱধিকাৰ আয়োগত গোচৰ তৰাৰ পাছত নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত কয়," নিয়ম অনুযায়ী আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰা নাই । কোনোবা মৰে যদিও মৰক মনোভাৱেৰে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল প্ৰতিবাদী কাৰ্যসূচীত ।"