অসম

assam

ETV Bharat / state

প্ৰেমত শুভফল লাভ কৰিব কৰ্কট ৰাশিৰ লোকে... কথা কওঁতে সাৱধান হওক এই ৰাশিৰ লোক...চাওক কি কয় আপোনাৰ ৰাশিচক্ৰই

কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাই এনে কি কাম কৰিলে পাব শুভফল ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল ৷

DAILY HOROSCOPE FOR 23RD OCTOBER 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

By ETV Bharat Assamese Team

Published : 4 hours ago

মেষ ৰাশি: ব্যক্তিগত বা ব্যৱসায়িক সকলো ক্ষেত্ৰতে সফল হ’ব ৷ ব্যৱসায়ত প্ৰচুৰ লাভ হ’ব ৷ দিনটো আনন্দৰে কটাব ৷ ভ্ৰমণত শুভ ৷ ধৰ্মীয় কামত মনোনিৱেশ কৰক ৷ ধ্যান কৰক ৷

বৃষ ৰাশি:দিনটো সতেজ আৰু সক্ৰিয় যেন অনুভৱ কৰিব ৷ সফল হ’ব ৷ ধনাগমনৰ দিশ শুভ ৷ আজি বিচৰাখিনি লাভ কৰিব ৷ হাতত যিখিনি আছে সেইখিনিতে সন্তুষ্ট থাকিবলৈ চেষ্টা কৰক ৷

মিথুন ৰাশি:মনত দুবিধাৰ সৃষ্টি হ’ব ৷ মনোযোগৰ অভাৱে দেখা দিব ৷ মগজুত বেছি জোৰ দিয়া কাম কৰিবলৈ চেষ্টা নকৰাই ভাল ৷ কৰো লগত তৰ্ক নকৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ কিন্তু ভ্ৰমণ এসপ্তাহৰ বাবে বাতিল কৰক ,পানীৰ পৰা অলপ সাৱধানে থকা ভাল ৷

কৰ্কট ৰাশি: নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ কামত সফলতা লাভ কৰিব ৷ ব্যৱসায়ত উন্নতি হ’ব ৷ সামাজিক স্বীকৃতি লাভ কৰিব ৷ প্ৰেমত শুভফল লাভ ৷ প্ৰিয়জনৰ সৈতে সময় কটাওক সম্পৰ্ক অধিক মজবুত হ’ব ৷

সিংহ ৰাশি:খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ প্ৰিয়জনৰ লগত পুনৰ মিলন লাভজনক হ’ব ৷ পৰিয়াল, বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দাঁতৰ বিষ আৰু চকুৰ অসুখে আমনি কৰিব ৷ চিকিৎসকৰ লগত পৰামৰ্শ কৰক ৷ অলাগতিয়াল সামগ্ৰী টকা খৰচ কৰিবলৈ বাদ দিয়ক অন্যথা লোকচান হ’ব পাৰে ৷

কন্যা ৰাশি:লাভজনক ব্যৱসায় আৰম্ভ কৰিব পাৰিব ৷ মনটো আনন্দময় হৈ থাকিব৷ ভাল খবৰ আহিব ৷ বিবাহিতসকলে বৈবাহিক সুখ লাভ কৰিব ৷ পতি-পত্নীৰ সৈতে সম্পৰ্ক অধিক ঘনিষ্ট হ’ব ৷ প্ৰেমিক যুগলৰ মাজত প্ৰেম অধিক বৃদ্ধি হ’ব ৷

তুলা ৰাশি: মানুহৰ লগত যোগাযোগ অলপ কম কৰক, কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰে সম্পৰ্কত ব্যাঘাত জন্মাব পাৰে ৷ ব্যৱসায়ৰ বাবে অলপ বেয়া সময় ৷ আইনী কামত বিশেষ সাৱধান হওক ৷ ঘনিষ্টসকলৰ লগত সম্পৰ্কত বিঘিনি ঘটিব পাৰে ৷ শৰীৰৰ যত্ন লওক আৰু বাহন চলাওতে সাৱধান হওক ৷ পাৰিলে কাজিয়া বিবাদৰ পৰা নিজকে যিমান পাৰি আঁতৰাই ৰাখি এটা সুস্থ জীৱন-যাপন কৰাৰ চেষ্টা কৰক ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব ৷

বৃশ্চিক ৰাশি:সুফল কঢ়িয়াই আনিব ৷ কোনো বিশেষজনক লগ পাব ৷ বিবাহিতসকলে পত্নী আৰু সন্তানৰ পৰা সহযোগ লাভ কৰিব ৷ সামাজিক জীৱনত স্থিতি সৱল হ’ব ৷

ধনু ৰাশি: দিনটো ফুৰ্তিৰ আৰু আনন্দৰ হৈ উঠিব ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷ ধনাগমনৰ বাট মুকলি হ’ব ৷ দায়িত্ব আৰু কাম বৃদ্ধি হ’ব ৷ কামৰ বাবে ভ্ৰমণৰ যোগ আছে ৷

মকৰ ৰাশি: মিশ্ৰিত ফল লাভ কৰিব ৷ কলাসন্মত কামত সফলতা লাভ কৰিব ৷ কামত মনোনিৱেশ কৰাত ব্যৰ্থ হ’ব আৰু অস্থিৰতা অনুভৱ কৰিব ৷ সন্তানৰ বাবে উদ্দিগ্নতা বাঢ়িব ৷ নিজকে শান্ত ৰখাৰ চেষ্টা কৰক ৷

কুম্ভ ৰাশি: গণেশৰ পৰামৰ্শ মতে বে-আইনী আৰু অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ কথা কওঁতে সাৱধান হওক ৷ পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্কৰ পৰা আঁতৰি থাকক ৷ মানসিকভাৱে আঘাত অনুভৱ কৰিব পাৰে ৷ নিজৰ ভুলৰ বাবে আনক দোষাৰোপ নকৰিব ৷ মানসিক আঘাতে শৰীৰ বেয়া কৰি তুলিব পাৰে ৷ যত্ন লওক আৰু চিন্তা বাদ দিয়ক ৷

মীন ৰাশি: গতানুগতিক জীৱন ৷ দিনটো আনন্দৰে কটাওক ৷ মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিব ৷ কলাত্মক দিশত গুৰুত্ব দিয়ক সফল হ’ব ৷ উপাৰ্জনৰ পথ মুকলি হ’ব ৷

ABOUT THE AUTHOR

...view details