অসম

assam

ETV Bharat / state

৪৬ হাজাৰ টকাৰ এটা চিতল মাছ - BHOGALI BIHU 2025

আজি মাঘ বিহুৰ উৰুকা । উৰুকাত ৰাজ্যবাসীয়ে লগে ভাগে এসাঁজ খোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে । আকৰ্ষণীয় হৈ পৰিছে উৰুকাৰ বজাৰ ।

Bhogali Bihu market
আজি মাঘ বিহুৰ উৰুকা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 11:55 AM IST

Updated : Jan 13, 2025, 12:05 PM IST

যোৰহাট : এটা চিতল মাছৰ দাম কিমান হ'ব পাৰে, চাৰি-পাঁচ হাজাৰ টকা ! সাধাৰণতে উৰুকাৰ দিনা হাঁহে-মাহে এসাঁজ খাবলৈ সকলোৱে বজাৰৰ পৰা আটাইতকৈ ডাঙৰ মাছটো কিনিবলৈ মন কৰে । খোৱাতকৈ কিনাটোতহে গুৰুত্ব । গতিকে বেছি দাম হ'লেও কিনিবই । কিন্তু এটা চিতল মাছৰ দাম শুনিলে আপুনিও হয়তো আচৰিত হ'ব। উৰুকাৰ বজাৰত সোমবাৰে এটা চিতল মাছৰ মূল্য় নিৰ্ধাৰণ কৰা হ'ল ৪৬ হাজাৰ টকা । ক'ত ওলাইছে এই মাছটো ?

সাজু হৈছে ৰাজ্যবাসী ৷ ভোগালীৰ বাবে বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হৈছে বজাৰত । ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাটৰ মাছৰ বজাৰো । যোৰহাট নগৰৰ ভিন্ন প্ৰান্তৰ মাছৰ বজাৰত উপলব্ধ হৈছে ২০ ৰ পৰা ২৫ কেজি ওজনৰ মাছ ৷ চিতল, বাহু, ভকুৱা, আৰি, ৰৌ, বৰালি আদি মাছেৰে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱা হেঁপাহৰে বহু গ্ৰাহকে বজাৰত ভিৰ কৰিছে ।

আজি মাঘ বিহুৰ উৰুকা (ETV Bharat Assam)

গ্ৰাহকে নিজৰ পছন্দৰ মাছটো ক্ৰয় কৰি লগে ভাগে এসাঁজ খাবলৈ সাজু হৈ উঠিছে । সকলোৱে নিজৰ পছন্দৰ মাছটো ক্ৰয় কৰি নিছে । মাছ অনুপাতে দামৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । কিন্তু দামকো নেওচি সকলোৱে ভোগৰ উৎসৱক দুগুণ পূৰ্ণতা দিবলৈ কোনো কৃপণালি কৰা নাই । উল্লেখ্য় যে যোৰহাট নগৰত থলুৱা মাছৰ লগতে থলুৱা সামগ্ৰীৰে উভৈনদী হৈ পৰিছে ।

২৩ কিলোগ্ৰাম ওজনৰ চিতল :

যোৰহাট নগৰ বিভিন্ন মাছৰ বজাৰ লগতে তৰাজানৰ মাছৰ বজাৰত জিলাখনৰ ভিতৰত বেছিকৈ মাছ উপলব্ধ হৈছে । প্ৰায় ২৩ কিলোগ্ৰাম ওজনৰ এটা চিতল ৪৬ হাজাৰ আৰু এটা প্ৰায় ২২ কিলোগ্ৰাম ওজনৰ বাহু মাছ ২৫ হাজাৰ টকা ধাৰ্য কৰা হৈছে । প্ৰতি কেজি চিতলৰ দাম ১৬০০ টকা আৰু বাহুৰ প্ৰতি কেজিত মূল্য ১২০০টকা ।

আজি মাঘ বিহুৰ উৰুকা (ETV Bharat Assam)

যোৰহাটত মাছৰ বজাৰত পুৱতি নিশাৰে পৰাই গ্ৰাহকসকলে ভিৰ কৰিছে । এই প্ৰসংগত এজন বিক্ৰেতাই কয়, "ইয়াত থলুৱা মাছ উপলব্ধ হৈছে আৰু বহিঃৰাজ্যৰ মাছে প্ৰধান্য পোৱা নাই । এইবাৰ মাছৰ দাম গুৱাহাটীত কৈ বহুত কম । প্ৰতি কেজি চিতলৰ দাম ১৬০০ টকা আৰু বাহুৰ প্ৰতি কেজিত মূল্য ১২০০টকা ধাৰ্য কৰা হৈছে । অৱশ্য়ে দাম কম-বেছি হৈ আছে ।"

লগতে পঢ়ক :উৰুকাৰ বজাৰ; বিধায়কেও বিক্ৰী কৰিছে মাছ - MAGH BIHU 2025

১০ লাখ টকাৰ লাড়ু-পিঠা বজাৰত উলিয়াই দিছে এটা ঘৰুৱা উদ্যোগে - BHOGALI BIHU 2025

Last Updated : Jan 13, 2025, 12:05 PM IST

ABOUT THE AUTHOR

...view details