অসম

assam

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 5:22 PM IST

ETV Bharat / state

এ পি এছ চি কেলেংকাৰী : মুখ্য তদন্তকাৰী বিষয়াক দায়িত্বৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ - APSC Scam

SIT for APSC scam : অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নামত ভেকো-ভাওনা উন্মোচিত ৷ অভিযোগনামাত নাই তথ্য-প্ৰমাণ ৷ মুখ্য তদন্তকাৰী বিষয়া প্ৰতীক থুবেক দায়িত্বৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ ৷

SIT for APSC scam
প্ৰতীক থুবেকে দায়িত্বৰ পৰা আঁতৰাবলৈ এছ আই টিৰ মুৰব্বীক নিৰ্দেশ (X/@PrateekThube)

গুৱাহাটী, ২৬ জুন: অসম লোকসেৱা আয়োগৰ বিয়াগোম পৰীক্ষা কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোটে (এছ আই টি) এই কেলেংকাৰীৰ তদন্তৰ নামত যে ভেকো-ভাওনা হৈ আহিছে সেয়া অৱশেষত আদালতৰ মজিয়াত উন্মোচিত হয় ৷

জ্যেষ্ঠ আই পি এছ বিষয়া, চি আই ডিৰ অতিৰিক্ত সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত আৰু আই পি এছ বিষয়া প্ৰতীক থুবেক মুখ্য তদন্তকাৰী বিষয়া হিচাপে লৈ গঠন কৰা এছ আই টিয়ে ২০ জুনত দাখিল কৰা এখন অভিযোগনামাৰ পিচতে আদালতৰ মজিয়াত এছ আই টিৰ তদন্তৰ স্বৰূপ উন্মোচিত হয় ।

যোৱা ২৩ জুনত এই সন্দৰ্ভত হোৱা এক শুনানিত কামৰূপ মহানগৰ জিলা বিশেষ ন্যায়াধীশৰ আদালতে তদন্ত প্ৰক্ৰিয়াত বিৰূপ মন্তব্য কৰাৰ লগতে এছ আই টিৰ তদন্তকাৰী বিষয়া প্ৰতীক থুবেকে তদন্তৰ দায়িত্বৰ পৰা আঁতৰাবলৈ এছ আই টিৰ মুৰব্বীক নিৰ্দেশ দিছে ।

লগতে পঢ়ক:অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰী: ৪ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল

উল্লেখ্য যে বক্ৰপথেৰে বাচনিভুক্ত হোৱা বুলি চিনাক্ত কৰা প্ৰায় ৩৯ গৰাকী বিষয়াৰ বিৰুদ্ধে কোনো অভিযোগনামা বা প্ৰতিবেদন নিদিয়াকৈ এছ আই টিয়ে যোৱা ২০ জুনৰ অভিযোগনামাখনেৰে এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ সামৰণি মাৰিছিল যদিও তদন্তৰ সোপাঢিলা ৰূপ দেখা পোৱাৰ পিচত বিশেষ ন্যায়াধীশৰ আদালতে অভিযোগনামা দাখিল নকৰা অভিযুক্তসকলৰ সন্দৰ্ভত পুনৰ তদন্ত কৰিবলৈ এছ আই টিক নিৰ্দেশ দিছে ।

তদুপৰি ইয়াৰ বাবে উপ-আৰক্ষী অধীক্ষক পদমর্যাদাতকৈ তলৰ পদমর্যাদাৰ নোহোৱা এজন বিষয়াক তদন্তকাৰী বিষয়াৰ দায়িত্ব দিবলৈ এছ আই টি মুৰব্বীক আদালতে পৰামৰ্শ দিছে । বিশেষ ন্যায়াধীশৰ এই সমালোচনাকে ধৰি এছ আই টিৰ তদন্তক আদালতে সমালোচনা কৰাৰ এইটো দ্বিতীয়টো ঘটনা ৷ ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এছ আই টিৰ তদন্তৰ অগ্ৰগতিক লৈ বিৰূপ মন্তব্য কৰিছিল ।

লগতে পঢ়ক:APSC কেলেংকাৰীৰ তিনি অভিযুক্তৰ বিৰুদ্ধে আৰম্ভ হ’ব তদন্ত : তদন্তকাৰী গোটে লাভ কৰিছে অনুমতি

উল্লেখ্য যে এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে কৰা ন্যায়িক তদন্তৰ প্ৰতিবেদনত ২০১৩ চনৰ ৩৪গৰাকী আৰু ২০১৪ চনৰ ১২গৰাকী প্ৰার্থীক কেলেংকাৰীৰ ‘হিতাধিকাৰী' বুলি চিনাক্ত কৰাৰ পিচত তেওঁলোকৰ সন্দৰ্ভত তদন্তৰ বাবে ৰাজ্য চৰকাৰে ছজনীয়া এছ আই টি গঠন কৰিছিল ।

প্ৰায় ৯ মহীয়া তদন্তৰ পিচত এছ আই টিয়ে মুঠ ছজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে । বাকী অভিযুক্ত বিষয়াসকলৰ ৩৯জনক (২০১৩চনত ৩২ জন আৰু ২০১৪ৰ ৭জন) এছ আই টিয়ে চমন দি জেৰা কৰিছিল যদিও তেওঁলোকৰ বিষয়ে অভিযোগনামাত কোনো কথা উল্লেখ কৰা নাছিল । আদালতক জনোৱা হ’লে যে এই ৩৯ অভিযুক্তৰ সন্দৰ্ভত চলোৱা তদন্তত তেওঁলোকৰ উত্তৰবহী আৰু টেবুলেচন শ্বীটত নম্বৰ হেৰফেৰ কৰি নম্বৰ বৃদ্ধি কৰাৰ তথ্য পোৱা গৈছে যদিও মোকৰ্দমাযোগ্য প্ৰমাণ লাভ কৰা নহ'ল । সেয়ে সেই বিষয়াসকলৰ সন্দৰ্ভত বিভাগীয় তদন্ত কৰোৱাৰ বাবে সংশ্লিষ্ট বিভাগলৈ লিখা হৈছে ।

আদালতে তদন্তৰ প্ৰতিবেদন পৰীক্ষা কৰি এই মন্তব্য কৰিছে যে এই ৩৯ অভিযুক্ত বিষয়াৰ নম্বৰ ৬০ৰপৰা ৮০, ১১০ পর্যন্ত বৃদ্ধি কৰাৰ কথা পোহৰলৈ আহিছে । অন্যথা তেওঁলোকৰ কিছুমানে হয়তো উত্তীৰ্ণই নহ’লহেঁতেন আৰু কিছুমান অন্য সেৱাৰ বাবে বাচনিভুক্ত হ’লহেঁতেন । তেওঁলোকক অনাহক সুবিধা দিয়াত বহু যোগ্য প্ৰার্থী বঞ্চিত হ’বলগীয়া হৈছে । তদন্তত পোহৰলৈ অহা এই তথ্য অতি আশ্চর্যজনক । তাৰ পিচতো তদন্তকাৰী বিষয়াই এইসকল অভিযুক্তৰ বিষয়ে মোকৰ্দমাযোগ্য সাক্ষ্যপ্ৰমাণ নাই বুলি কেনেকৈ ক'ব পাৰে বুলি আদালতে প্ৰশ্ন কৰে ।

লগতে পঢ়ক:এ পি এছ চি কেলেংকাৰী গোচৰৰ এছ আই টি তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন উচ্চ ন্যায়ালয়ত দাখিল

তাৰ বিপৰীতে এই বিষয়াসকলৰ সন্দৰ্ভত বিভাগীয় তদন্তৰ বাবে তদন্তকাৰী বিষয়াই বিভাগলৈ লিখা বুলি কোৱাটো স্ব-বিৰোধী কথা বুলি আদালতে মন্তব্য কৰিছে । আদালতে লগতে কয় যে ইতিমধ্যে এই অভিযোগত এ পি এছ চিৰ দুই প্ৰাক্তন সদস্যসহ প্ৰাক্তন অধ্যক্ষ আৰু বহু অভিযুক্ত প্ৰার্থীৰ বিৰুদ্ধে গোচৰৰ বিচাৰ চলি আছে ।

এই প্ৰাৰ্থীসকলক নম্বৰ বৃদ্ধি আৰু টেবুলেচন শ্বীটত নম্বৰ হেৰফেৰ কৰি যদি বাচনি কৰাই হৈছিল, তেন্তে তেওঁলোকৰ বিৰুদ্ধে তদন্তকাৰী বিষয়াই মোকৰ্দমাযোগ্য অর্থাৎ গোচৰ চলাব পৰাকৈ সাক্ষ্যপ্ৰমাণ সংগ্ৰহ কৰিব নোৱৰাটো গ্ৰহণযোগ্য নহয় । এই মন্তব্য কৰি আদালতে অভিযোগনামা দাখিল কৰা অভিযুক্তসকলৰ ক্ষেত্ৰত দিয়া প্ৰতিবেদন অগ্ৰাহ্য কৰে আৰু তেওঁলোকৰ সন্দৰ্ভত পুনৰ তদন্তৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:ভেকো-ভাওনাত পৰিণত এ পি এছ চি কেলেংকাৰীৰ তদন্ত

ABOUT THE AUTHOR

...view details