জোনাই,২৬ ফেব্ৰুৱাৰী:অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহজিলাৰ জোনাই মহকুমাৰ মুৰকংচেলেক শিক্ষাখণ্ডত চৰম দুৰ্নীতি । অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ সাংস্কৃতিক বিভাগৰ বিশেষ পুঁজিৰ দ্বাৰা নিৰ্মাণ হৈ আছে জোনাই মুৰ্কংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত পোন্ধৰখন বিদ্যালয়ত শিশু আৰু কিশোৰৰ বাবে আদর্শ পুথিভঁৰাল । প্ৰতিখন পুথিভঁৰালৰ বিপৰীতে অসম চৰকাৰৰ দ্বাৰা ষোল্ল লাখ টকাকৈ আৱন্টন দিয়াত পুথিভঁৰাল নিৰ্মাণৰ কাৰ্য দ্রুত গতিত চলাই গৈছে ।
তাৰে ভিতৰত নিম্নমান সামগ্ৰীৰে নিৰ্মাণকাৰ্য চলি থকা প্ৰগতি হাইস্কুল, চিলে মধ্য ইংৰাজী বিদ্যালয়, জে.এন চিলে ট্ৰাইবেল এম ই স্কুলত ধেমাজি জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াই নিৰ্মাণস্থলী পৰিদৰ্শন কৰি জোনাইত শিশু আৰু কিশোৰৰ বাবে যি সমূহ পুথিভঁৰাল নিৰ্মাণ হৈ আছে প্ৰতিটো পুথিভঁৰালৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰূপী কনিষ্ঠ অভিযন্তাক উচ্চ পৰ্যায়ৰ তদন্তৰ আওতালৈ আনি কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনায় ।
জানিব পৰা অনুসৰি, প্ৰায় বিশ বছৰ ধৰি জোনাই মুৰ্কংচেলেক শিক্ষাখণ্ডত বাহৰ পতা কনিষ্ঠ অভিযন্তা গাম পেগুৰ তত্বাৱধানতে চলি আছে এই নিৰ্মাণ কাৰ্য । বিদ্যালয় কেইখনৰ পৰিচালনা কমিটি আৰু প্ৰধান শিক্ষকক বুঢ়া আঙুলি দেখুৱাই নিজা মইমতালিৰে নিৰ্মাণ কৰি গৈছে পুথিভঁৰালসমূহৰ কাম-কাজ । কণিষ্ঠ অভিযন্তা গাম পেগুৱে তেওঁৰ পোহনীয়া সহোদৰ আব্দুল কৰিম নামৰ লোকজনকে প্ৰায় কেইখন নিৰ্মাণ কেন্দ্ৰত ঠিকাদাৰৰূপে নিয়োগ কৰাৰ লগতে সামগ্ৰী ক্ৰয় কৰাটো চলাই গৈছে কমিচনৰাজ ।