মাজুলী :মাজুলীৰ ৰাইজৰ সপোন যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য হঠাতে বন্ধ হৈ পৰাত এই লৈ মাজুলীবাসীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া তথা ক্ষোভ । মাজুলীৰ ৰাইজৰ সপোনৰ দলংখনৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ হৈছে ।
যোৱা অক্টোবৰত প্ৰায় এমাহ ধৰি বন্ধ হৈ থকা মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ ক্ষেত্ৰত নতুনকৈ নিবিদা আহ্বান কৰাৰ ইংগিত দিয়ে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে । তথাপি আশ্বস্ত হ'ব পৰা নাই মাজুলীৰ জনগণ ।
মাজুলীবাসীৰ মনত সৃষ্টি হোৱা এনে সন্দেহৰ মাজতে লাভ কৰিলে এটা ভাল খবৰ । শীৰ্ঘেই পুনৰ আৰম্ভ হ'ব বহু প্ৰত্যাশিত যোৰহাট মাজুলী দলঙৰ নিৰ্মাণৰ কাম । ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথৰ বিভাগৰ অসমৰ মুখ্য অভিযন্তা দেৱজিৎ দাসে ৰাসোৎসৱৰ তৃতীয় দিনা উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত মন্তব্য় আগবঢ়ায় ।
মুখ্য অভিযন্তাগৰাকীক সাংবাদিকে বহু প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলংখনৰ স্থৱিৰতা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয়, "বহু প্ৰত্যাশিত দলংখনৰ নিৰ্মাণ কাৰ্যত যি অচলাৱস্থাৰ সৃষ্টি হৈছে সেয়া অৱসান ঘটাবলৈ প্ৰচেষ্টা চলাই থকা হৈছে । আমি অতি সোনকালে দলংখনৰ কাম আৰম্ভ কৰিবলৈ গৈ আছো । পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিৰ্দেশনা আহিলেই আমি পৰৱৰ্তী পদক্ষেপলৈ আগবাঢ়িব পাৰিম ।"