তিনিচুকীয়া :গণশিল্পী ৰাজীৱ শদিয়া আজি আমাৰ মাজত নাই যদিও বিভিন্ন মহলত তেওঁক লৈ চৰ্চা অব্যাহত আছে । সামাজিক মাধ্যমতো ৰাজীৱ শদিয়াৰ গীতক লৈ চৰ্চা অব্যাহত আছে । ৰাজীৱ শদিয়াৰ আত্মাৰ সদগতি কামনাৰে বহুতে ঠায়ে ঠায়ে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । ৰাজনৈতিক মহলতো ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতিক্ৰিয়া চলিছে । তাৰ মাজতে বুধবাৰে প্ৰয়াত ৰাজীৱ শদিয়াৰ টুপচিঙাস্থিত বাসগৃহত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা প্ৰতিনিধি দল ৷
ৰাজীৱ শদিয়াৰ বাসগৃহত কংগ্ৰেছৰ প্ৰতিনিধি দল
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ দলটোৱে প্ৰয়াত শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷ প্ৰতিনিধি দলটোত প্ৰাক্তন বিধায়কদ্বয় এটুৱা মুণ্ডা, দূৰ্গা ভূমিজ আৰু দলীয় কৰ্মকৰ্তাসকলো উপস্থিত থাকে ৷ ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালক দুই লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷ চেক প্ৰদান কৰাৰ পাছতে প্ৰয়াত শিল্পীগৰাকীৰ কৰ্মৰাজীক শ্ৰদ্ধাৰে সোঁৱৰে আৰু বহুতে একেলগে কৰিব নোৱৰা কাম ৰাজীৱ শদিয়াই অকলে গীতৰ জৰিয়তে কৰিছিল বুলিও মন্তব্য কৰে সভাপতি ভূপেন কুমাৰ বৰাই ।