অসম

assam

ETV Bharat / state

উমৰাংছ' ট্ৰেজেডি : পত্নীসহ দেৱলাল গাৰ্লোচাক গ্ৰেপ্তাৰৰ দাবী বিধায়ক নুৰুল হুদাৰ - ASSAM COAL MINE TRAGEDY

উমৰাংছ'ৰ শোকাৱহ ঘটনাই জোকাৰিছে ৰাজ্য । CEM দেৱলাল গাৰ্লোচাৰ লগতে পত্নী কণিকা হোজাইক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছী বিধায়কৰ ।

ASSAM COAL MINE TRAGEDY
উমৰাংছ' ট্ৰেজেডি (Nurul Hoda FB Account)

By ETV Bharat Assamese Team

Published : 19 hours ago

হাফলং : পাৰ্বত্য জিলা ডিমা হাচাওৰ উমৰাংছ'ৰ কয়লাখনিত আৱদ্ধ হৈ পৰা শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত থকাৰ মাজতে স্বায়ত্ত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ লগতে আত্মীয়ই জিলাখনত অবৈধভাৱে কয়লাখনন চলাই থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ।

ৰাজ্য জোঁকাৰি যোৱা শ্ৰমিক সন্ধানহীন হৈ থকা উমৰাংছ'ৰ কয়লাখনিত কোনো নিবিদা অবিহনেই স্বায়ত্ত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই নিজৰ পত্নীৰ নামত অবৈধভাৱে চলাই থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ।

বিধায়ক নুৰুল হুদা (ETV Bharat Assam)

উমৰাংছ'ত দেৱলাল গাৰ্লোচাই গাৰ বল প্ৰয়োগেৰে সম্পূৰ্ণ অবৈধভাৱে কয়লাৰ খনন কাৰ্য চলাই অহাৰো অভিযোগ উত্থাপন কৰি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ লগতে গাৰ্লোচাৰ পত্নী কণিকা হোজাইকো গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে বিধায়ক নুৰুল হুদাই ।

উমৰাংছ'ত সংঘটিত এই শোকাৱহ ঘটনাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰাৰ সময়ত ঘটনাৰ তদন্ত ইতিমধ্যেই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আনহাতে জিলা প্ৰশাসনে ইতিমধ্যেই অবৈধভাৱে কয়লাখনন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে পুনুছ নুনিছা নামৰ এজন লোকক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পুনুছ নুনিছা ডিমা হাচাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ খুলশালীয়েক জবুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: সুকলমে উভতি আহিবনে ! উৎকণ্ঠাৰ মাজতে চতুৰ্থ দিনাও অব্যাহত উদ্ধাৰ অভিযান - ASSAM COAL MINE TRAGEDY

দেৱলাল গাৰ্লোচাৰ খুলশালীয়েক পুনচ নুনিছাক গ্ৰেপ্তাৰ কৰা প্ৰসংগতো মন্তব্য কৰিছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই । পুনুছ নুনিছাক নামমাত্ৰ গ্ৰেপ্তাৰ কৰা বুলিও উল্লেখ কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে বিধায়ক নুৰুল হুদাই । এই সন্দৰ্ভত বিধায়ক নুৰুল হুদাৰ মন্তব্য, "কয়লা খনিত সন্ধানহীন হৈ থকা শ্ৰমিকসকল ইতিমধ্যেই ইহলীলা সম্বৰণ কৰিছে । অবৈধখনন কাৰ্যত শ্ৰমিকক ব্যৱহাৰ কৰি হত্যা কৰা দেৱলাল গাৰ্লোচা ইমান সময় জেল-হাজোতত থাকিব লাগিছিল । কিন্তু নামমাত্ৰ পুনুছ নুনিছাক নামমাত্ৰহে গ্ৰেপ্তাৰ কৰিছে ।"

কয়লাৰ খনন কাৰ্যত জড়িতসকল বিজেপি দলৰ হোৱা বাবেই চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে বিধায়ক নুৰুল হুদাই । বিধায়ক নুৰুল হুদাই প্ৰত্যক্ষভাৱেই মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাক উমৰাংছ'ৰ সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কৰাৰ পাছত দেৱলাল গাৰ্লোচাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া অৱশ্যে পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক:উমৰাংছ'ৰ কয়লাখনিত NDRF-এ আৰম্ভ কৰিছে পানী নিষ্কাশন

ABOUT THE AUTHOR

...view details