অসম

assam

ETV Bharat / state

বিৰোধী ঐক্যৰ সদস্য নহয় তাঞ্জিল হুছেইন

Bye Election 2024: খুড়া-ভতিজাৰ সম্পৰ্ক থকা বুলি আজমলে কৰা দাবী প্ৰত্যাখ্যান নকৰিলে তাঞ্জিল হুছেইনে । নিজকে বিৰোধী ঐক্যৰ সদস্য নহয় বুলিও কৰে চামগুৰিৰ প্ৰাৰ্থীজনে ।

Bye Election 2024
বিৰোধী ঐক্যৰ সদস্য নহয় তাঞ্জিল হুছেইন (ETV Bharat)

By ETV Bharat Assamese Team

Published : 6 hours ago

নগাঁও :চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি বিগত সময়ছোৱাত দলটোৰ একাংশ নেতাই মন্তব্য কৰি আহিছিল । কিন্তু শেষ মুহূৰ্তলৈকে সমষ্টিটোত প্ৰাৰ্থী নিদিয়াৰ কথা দলটোৱে ঘোষণা কৰা বিষয়টোৱে ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা লাভ কৰিছে ।

আনকি দলটোৰ সভাপতি বদৰুদ্দিন আজমলে ৰকিবুল হুছেইনৰ পুত্ৰৰ সৈতে খুড়া-ভতিজাৰ সম্পৰ্ক থকা বুলিও কৰা মন্তব্যই দল আৰু সমষ্টিটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

বিৰোধী ঐক্যৰ সদস্য নহয় তাঞ্জিল হুছেইন (ETV Bharat)

আজমলৰ দাবী অস্বীকাৰ কৰা নাই :

এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰকিবুল হুছেইনৰ পুত্ৰ তথা চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনে । আজমলে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত আজমলৰ মন্তব্যক অস্বীকাৰ কৰা নাই ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে ।

চামগুৰিত এ আই ইউ ডি এফয়ে প্ৰাৰ্থী দিয়া নিদিয়াটো তেওঁলোকৰ দলৰ কথা বুলি উল্লেখ কৰে তাঞ্জিল হুছেইনে । ইফালে আজমলে দাবী কৰা খুড়া-ভতিজাৰ সম্পৰ্ক সন্দৰ্ভত তাঞ্জিল হুছেইনে কয়, "যিকোনো লোকৰেই কাৰোবাৰ সৈতে সম্পৰ্ক থাকিব পাৰে । সেই সূত্ৰে ময়ো কাৰোবাৰ নহয় কাৰোবাৰ ভতিজা হ'ব পাৰো ।"

বিৰোধী মিত্ৰজোঁটৰ সংঘাত :

চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰাৰ কথাও উল্লেখ কৰে তাঞ্জিল হুছেইনে । ইফালে বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ বিৰোধী মিত্ৰজোঁট অসম সন্মিলিত মৰ্চাত দেখা দিয়া অসন্তুষ্টি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

নিজকে বিৰোধী ঐক্যৰ সদস্য নহয় বুলিও দাবী কৰে তাঞ্জিল হুছেইনে । তেওঁ কয়, "মই কেৱল এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ । মোক দলে চামগুৰি উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে । এতিয়া মই কেৱল চামগুৰিকলৈহে ব্যস্ত ।"

লগতে পঢ়ক :অসমৰ স্বাৰ্থত আমাক কৰা অপমান সহ্য কৰিছোঁ : লুৰীণজ্যোতি গগৈ

হাৰিয়ানা নিৰ্বাচনৰ পৰা শিক্ষা নল'লে ২০২৬ ত অসমতো মুখ থেকেচা খাব কংগ্ৰেছে: অজিত কুমাৰ ভূঞা

উপ-নিৰ্বাচনত অৱতীৰ্ণ নহয় এ আই ইউ ডি এফ দল, চামগুৰিতো নিদিয়ে প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details