নগাঁও,১৫ অক্টোবৰ:উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত উত্তপ্ত পৰিস্থিতি । কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত ভয়ংকৰ সংঘাত । উত্তেজিত বিজেপি কৰ্মীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত কংগ্ৰেছ কৰ্মীৰ বাহন । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আঁৰি থোৱা বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ একাংশ কৰ্মীৰ বিৰুদ্ধে । যাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ।
কংগ্ৰেছ নেতা-কৰ্মীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি মঙলবাৰে সমষ্টিটোত কংগ্ৰেছীৰ বাইক ৰেলীত বাধা প্ৰদান কৰে বিজেপি দলৰ একাংশ কৰ্মীয়ে । ইয়াকে কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে চামগুৰি সমষ্টি । মঙলবাৰে সমষ্টিটোৰ শিঙিমাৰীত বিজেপিয়ে এখন সভাৰ আয়োজন কৰে । কিন্তু উক্ত সভাৰ বেনাৰ-পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ একাংশ কৰ্মী উত্তেজিত হৈ কংগ্ৰেছৰ ৰেলীত বাধা প্ৰদান কৰে ।
ফলত দুই দলৰেই কৰ্মী-সমৰ্থকৰ মাজত সংঘাতৰ সৃষ্টি হয় । চামগুৰি সমষ্টিৰ শিঙিমাৰী হৈ ৰেলী কৰিব বিচৰা কংগ্ৰেছৰ নেতা কৰ্মীক বাধা প্ৰদান কৰাই নহয়, কংগ্ৰেছী বাহনতো আক্ৰমণ চলাই বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে । আনকি ৰকিবুল হুছেইনক সমষ্টিটোৰ পৰা প্ৰত্যাখ্যান কৰা বুলিও দাবী কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে একাংশই ।