গুৱাহাটী, ১৪ আগষ্ট :৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদকপ্ৰাপকৰ নাম ৷উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আৰু সংকটৰ পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে বিশেষ পদকপ্ৰাপকলসকলৰ নাম ঘোষণা কৰা হৈছে ৷ ২৯ গৰাকী আৰক্ষী বিষয়াক উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আৰু ২৩ গৰাকীক আৰক্ষী সংকটৰ পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদকৰ বাবে নিৰ্বাচিত হৈছে ।
উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকৰ বাবে নিৰ্বাচিত আৰক্ষী বিষয়াসকল :
অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ৰত্না সিনহা, গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, পাপৰী চেতিয়া, নিংখোদেই চিংচন, মানস শইকীয়া, লুনা সোণোৱাল, পৃথ্বীৰাজ ৰাজখোৱা, পদ্মনাভ বৰুৱা, সতীশ কুমাৰ, নিৰ্মল চি. বিশ্বাস, প্ৰাঞ্জল প্ৰতিম শইকীয়া, ভাস্কৰ মল্ল পাটোৱাৰী, ঋষি দেৱ, হেমেন্দ্ৰ সিনহা, দিগন্ত কুমাৰ দাস, মাহাত্ম্য মানস সন্দিকৈ, বিষ্ণু বৰুৱা, মৌটি বসুমতাৰী, নিশি ৰঞ্জন দেৱ, প্ৰণৱ বৰুৱা, অংকুৰ কাকতি, দীপক কাকতি, নিতুল ফুকন, গোপেন মোহন দাস, জিতু কুমাৰ দাস, বসন্ত কাকতি, দুলুমণি দাস, কাশী তামুলী, ৰাজা সিং ।