গুৱাহাটী:পুনৰ নাম উল্লেখ নকৰাকৈ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক টাৰ্গেট কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমত বৃহস্পতিবাৰে পুনৰ মুখ্যমন্ত্রীয়ে কেতবোৰ প্ৰসংগ উত্থাপন কৰি আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ গৌৰৱ গগৈৰ লগতে তেওঁৰ পত্নীক । উল্লেখ্য যে এডভাণ্টেজ আছাম ২.০ৰ প্ৰচাৰৰ বাবে ছিংগাপুৰত থকা সময়তে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সামাজিক মাধ্যমত কেইবাটাও তাৎপৰ্যপূৰ্ণ পোষ্ট কৰিছিল ।
নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্রীয়ে পোষ্ট কেইটাত সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক টাৰ্গেট কৰিছিল । যাক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । সেই প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি পুনৰ সামজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে নাম উল্লেখ নকৰাকৈ গৌৰৱ গগৈৰ লগতে তেওঁৰ পত্নীক টাৰ্গেট কৰি লয় । সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তানৰে থকা সম্পৰ্কৰ অভিযোগ সন্দৰ্ভত শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কক লৈ মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
আজি সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে কয়, "২০১৫ চনৰ কথা । ভাৰতত থকা পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্চায়ুক্তক ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰথমটো কাৰ্যকাল আৰম্ভ কৰা এগৰাকী সাংসদ আৰু তেওঁৰ ষ্টাৰ্টআপ ‘পলিচী ফৰ ইউথ’ক আমন্ত্ৰণ জনাইছিল । উল্লেখযোগ্য যে সেই সময়ত এই সাংসদজন বৈদেশিক পৰিক্ৰমাৰ সংসদীয় সমিতিৰো সদস্য নাছিল, সেয়ে এই বিশেষ আমন্ত্ৰণৰ আঁৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন হৈছিল ।"
তেওঁ লগতে উল্লেখ কৰে,"বিশেষকৈ হুৰিয়ৎ কনফাৰেন্সৰ সৈতে সম্পৃক্ত বিষয় হিচাপে অভ্যন্তৰীণ বিষয়ত পাকিস্তানী উচ্চায়ুক্তৰ হস্তক্ষেপৰ বিৰুদ্ধে ভাৰতে আনুষ্ঠানিকভাৱে প্ৰতিবাদ কৰাৰ পাছতো এই ভ্ৰমণ নিশ্চিত হৈছিল । এই উদ্বেগক আওকাণ কৰিও সাংসদগৰাকীয়ে পাকিস্তানী বিষয়াৰ সৈতে সাক্ষাৎ কৰাবলৈ ৫০-৬০জন ভাৰতীয় যুৱকক লৈ গৈছিল । এই কথাৰ কিছু সময়ৰ পাছতে তেওঁৰ ষ্টাৰ্টআপে 'দ্য হিন্দু'ত এটা প্ৰবন্ধ প্ৰকাশ কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনীৰ ভূমিকাক সমালোচনা কৰে । তেওঁৰ সংসদীয় প্ৰশ্নসমূহ অধিক পুংখানুপুংখভাৱে পৰীক্ষা কৰিলে ক’ষ্ট গাৰ্ডৰ ৰাডাৰ স্থাপন, ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষা, ইৰাণৰ সৈতে বাণিজ্যৰ বাবে ট্ৰেনজিট পথ, কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু গিৰ্জাত আক্ৰমণৰ অভিযোগ আদিৰ বিষয়ে অনুসন্ধানকে ধৰি স্পৰ্শকাতৰ প্ৰতিৰক্ষা বিষয়সমূহে গুৰুত্ব বেছিকৈ পোৱাটো পৰিলক্ষিত হয় ।
ইয়াৰোপৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এই কথাবোৰে আচলতে তেওঁৰ আগ্ৰহযুক্ত বিষয়ৰ লক্ষণীয় পৰিৱৰ্তনক চিহ্নিত কৰিছে । আমোদজনকভাৱে এই সকলোবোৰ তেখেতৰ 'প্ৰফেচনেল বেকগ্ৰাউণ্ড' থকা ব্ৰিটিছ নাগৰিকগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ লগে লগে ঘটিছিল আৰু সেয়ে ই অধিক প্ৰশ্নৰ অৱতাৰণা কৰিছে । বিবাহৰ পূৰ্বে তেওঁৰ পত্নীয়ে পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে পৰিচিত এজন আমেৰিকান চিনেটৰৰ বাবে কাম কৰিছিল আৰু পাছলৈ পাকিস্তানতে সময় কটাইছিল । আই এছ আইৰ ফ্ৰণ্ট বুলি বহুলভাৱে বিশ্বাস কৰা এটা সংস্থাত কৰ্মৰত আছিল । এই ঘটনাসমূহ আৰু সংঘটিত হোৱাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু কাৰ্যাৱলীত আন এক কুটিল স্তৰৰ সংযোজন কৰিছে ।"
আন এটা পোষ্টত মুখ্যমন্ত্রীয়ে নতুন দিল্লীত পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে সাংসদ গৌৰৱ গগৈয়ে মিটিং কৰাৰ এখন পুৰণি ফটো আপলোড কৰি কয়, "বিৰোধী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন হয় । ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায়েই প্ৰাথমিক অগ্ৰাধিকাৰ পাব লাগে, আশাকৰোঁ মাননীয় সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাৱশ্যকীয় চৰ্তসমূহ সম্পূৰ্ণকৈ মানি চলিছিল ।"
লক্ষণীয় বিষয় যে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ অনাৰ লগতে কেতবোৰ প্ৰশ্নৰো অৱতাৰণা কৰিছে ।
প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র ঋতুপৰ্ণ কোঁৱৰৰ প্ৰতিক্ৰিয়া :
সাংসদ গৌৰৱ গগৈক পাকিস্তানী উচ্চায়ুক্তৰে সাঙুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিয়া পোষ্টৰ প্ৰত্যুত্তৰ দিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র ঋতুপৰ্ণ কোঁৱৰে । সামজিক মাধ্যম যোগে ঋতুপৰ্ণ কোঁৱৰে মুখ্যমন্ত্রীৰ অভিযোগ সন্দৰ্ভত কেতবোৰ বিষয় উত্থাপন কৰিছে । তেওঁ কয়, "অলপ সময়ৰ পূৰ্বে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে সাংসদ গৌৰৱ গগৈ কিয় ভাৰতত থকা দিল্লীস্থ উচ্চায়ুক্ত কাৰ্যালয়লৈ ২০১৫ চনত গৈ তেতিয়াৰ পাকিস্তানী উচ্চায়ুক্ত গৰাকীক লগ ধৰিছিল ? কিয় ভাৰত-পাকিস্তান সম্পৰ্কৰ বিষয়ত কথা পাতিছিল বুলি প্ৰশ্নৰ অবতাৰণা কৰিছে আৰু তেখেতৰ নিজস্ব চিন্তা আৰু কাহিনীৰে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এটা নেতিবাচক ধাৰণা সৃষ্টি কৰি সাংঘাতিক প্ৰচাৰ কৰিবলৈ বিচাৰিছে । অৰ্ধসত্য কথাৰে তেওঁ সাংসদগৰাকীক অতি সুপৰিকল্পিতভাৱে দেশদ্ৰোহী সাজিবলৈ অপচেষ্টা কৰি আছে যেন অনুভৱ হয় ! যিটো বিজেপি দল আৰু মুখ্যমন্ত্ৰীৰ পুৰণি স্বভাৱ ।"