অসম

assam

ETV Bharat / state

২৭০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ৰতন টাটাক ধন্যবাদ মুখ্যমন্ত্ৰীৰ - semiconductor project in Assam

CM thanked Ratan Tata : জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত স্থাপন হ’ব দক্ষতা বিকাশ কেন্দ্ৰ ৷ ২৭,০০০ কোটি টকাৰ বৃহৎ বিনিয়োগেৰে অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰৰ মানচিত্ৰত স্থান টাটা নেতৃত্বৰ ৷ টাটা নেতৃত্বক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন ৷

CM thanked Ratan Tata
২৭০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ৰতন টাটাক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 8:39 PM IST

গুৱাহাটী, ২০ মাৰ্চ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে মুম্বাইত সাক্ষাৎ কৰে বিশিষ্ট উদ্যোগপতি ৰতন টাটাক । টাটা নেতৃত্বৰ সৈতে মুম্বাইত এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী । এই আলোচনাৰ সময়ত জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত এক দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশ কৰে টাটা নেতৃত্বই । এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিকছৰ পাঠ্যক্ৰম আগবঢ়াই শক্তিশালী কৰাৰ লগতে তেওঁলোকক জাগীৰোড গোটত নিয়োগ সুৰক্ষিত কৰাত সহায় কৰিব বুলি আলোচনাত উল্লেখ কৰা হৈছে ।

ইতিমধ্যে অসমৰ ১৫০০ নতুন প্ৰজন্মৰ যুৱক-যুৱতীয়ে মুখ্যতঃ মহিলাসকলে, বেংগালুৰু আৰু ইয়াৰ আশে-পাশে টাটাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । ২০২৫ চনত ছেমিকণ্ডাক্টৰ প্ৰকল্পটো কাৰ্যকৰী হোৱাৰ পাচত তেওঁলোকেই প্ৰকল্পটোক নেতৃত্ব দিব বুলি জানিব পৰা গৈছে ৷

ৰতন টাটাক সাক্ষাতৰ পিচত অসমত ঔদ্যোগীকৰণৰ দিশত এক ইতিহাস সৃষ্টি কৰা টাটা গ্ৰুপৰ দ্বাৰা ২৭০০০ কোটি টকাৰ বৃহৎ বিনিয়োগে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত অসমক এক সুকীয়া স্থান দিব আৰু উত্তৰ-পূব ভাৰতক অৰ্থনৈতিক দিশত বিশেষ মান্যতা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে ৷ ৰতন টাটা, এন চন্দ্ৰশেখৰনক জাগীৰোডৰ বৃহৎ বিনিয়োগেৰে অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰৰ মানচিত্ৰত স্থান দিয়াৰ বাবে সমগ্ৰ ৰাজ্যৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ জ্ঞাপন কৰিবলৈ পাই আনন্দিত হোৱা বুলি প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে X ত পোষ্ট কৰে, " আজি টাটা নেতৃত্বৰ সৈতে মোৰ আলোচনাৰ সময়ত আমি জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ চৌহদৰ ভিতৰত অৱস্থিত হ’ব পৰা এটা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰিবলৈ সন্মত হওঁ ।"

বিশ্বৰ ছেমিকণ্ডাক্টৰৰ জগতখনত অসম হ’ব এক প্ৰধান খেলুৱৈ । ছেমিকণ্ডাক্টৰ নিৰ্মাণে অসমক বিশ্বৰ মানচিত্ৰত স্থান দিব বুলি মন্তব্য কৰে বিশিষ্ট উদ্যোগপতি তথা সমাজহিতৈষী ৰতন টাটাই ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰতন টাটাক সাক্ষাৎ কৰাৰৰ পিচতেই Xত বিশিষ্ট উদ্যোগপতিগৰাকীয়ে উল্লেখ কৰে যে, "অসমত কৰা বিনিয়োগে কৰ্কট ৰোগৰ জটিল চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যখনত পৰিৱৰ্তন আনিছে । আজি অসম চৰকাৰৰ সহযোগত টাটা গোটে অসমক অত্যাধুনিক ছেমিকণ্ডাক্টৰৰ এক প্ৰধান খেলুৱৈ হিচাপে গঢ়ি তুলিব । এই নতুন উন্নয়নে অসমক বিশ্বৰ মানচিত্ৰত স্থান দিব । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই সকলোবোৰ সম্ভৱ কৰি তোলাত আগবঢ়োৱা সহযোগিতা আৰু দৃষ্টিভংগীৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ।"

এই টুইটৰ উত্তৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, "আপোনাৰ বহুমূলীয়া অন্তৰ্দৃষ্টি, আন্তৰিকতা ভৰা আতিথ্য আৰু সৰ্বোপৰি বিক্ষিত অসমৰ প্ৰতি থকা আস্থাৰ বাবে বহুত বহুত ধন্যবাদ"।

উল্লেখযোগ্য যে টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে অসমত এটা ছেমিকণ্ডাক্টৰ ইউনিট স্থাপন কৰিব । প্ৰতিদিনে ৪.৮ কোটি চিপ উৎপাদনক্ষম ক্ষমতাৰে এই প্ৰকল্পত বিনিয়োগ হ’ব মুঠ ২৭,০০০ কোটি টকা ৷ যোৱা ১৪ মাৰ্চত জাগীৰোডত ইয়াৰ শিলান্যাস স্থাপন কৰা হয় ৷

লগতে পঢ়ক:লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

ABOUT THE AUTHOR

...view details