অসম

assam

ETV Bharat / state

অক্টোবৰত ঠিকনা সলনি হ’ব কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ - Kamrup Metro DC office - KAMRUP METRO DC OFFICE

Kamrup Metro: গুৱাহাটীৰ ৰূপনগৰত নিৰ্মীয়মান জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে ৷ অক্টোবৰ মাহৰ ভিতৰত স্থায়ী ঠিকনা পাব কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে ৷

District Commissioners building
Kamrup Metro DC office (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 6:50 PM IST

গুৱাহাটী, ১৬ জুন:অহা অক্টোবৰ মাহৰ পৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ স্থায়ী ঠিকনা হ'ব ৰূপ নগৰ । প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষে ৰূপনগৰত নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব দুটাকৈ ব্লক । এটা ব্লকত জিলা আয়ুক্তৰ সৈতে সংলগ্ন কাৰ্যালয়বোৰ থাকিব আৰু আনটো ব্লকত শিক্ষা, স্বাস্থ্য আদি বিভাগৰ কাৰ্যালয়সমূহ থাকিব । তাৰ উপৰিও ২০০ খন গাড়ী পাৰ্কিঙৰ ব্যৱস্থা থাকিব এই চৌহদত । এই কথা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অক্টোবৰত ঠিকনা সলনি হ’ব কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ (ETV Bharat Assam)

লগতে পঢ়ক:ডিচেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব লাচিত মৈদাম : মুখ্যমন্ত্ৰী - Lachit Maidam

দেওবাৰে ৰূপনগৰস্থিত নিৰ্মিয়মান সংহত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । নৱনিৰ্মিত সংযুক্ত জিলা আয়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘১২ খন জিলাত সংহত আয়ুক্ত কাৰ্যালয় নিৰ্মাণৰ কাম চলি আছে । আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণৰ বুজ লওঁ । নিৰ্মাণকাৰ্য পূৰ্ণ গতিত চলি আছে । এই বছৰৰ শেষৰ ফালে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব । এই বছৰৰ অক্টোবৰত সম্পূৰ্ণ হ'ব বুলি ঠিকাদাৰ সকলে কৈছে । নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'লে হেঙেৰাবাৰীৰ পৰা কাৰ্যলয়টো ইয়ালৈ লৈ অনা হ'ব । বৰ্তমান হেঙেৰাবাৰীত থকা কাৰ্যালয়টোত দিছপুৰ উপ জিলাৰ কাৰ্যালয় হ’ব ।’’

লগতে পঢ়ক:অসাৰ স্বচ্ছ ভাৰত অভিযান; আয়ুক্তৰ কাৰ্যালয়তে কদৰ্য ৰূপ - Swachh Bharat Mission

উল্লেখ্য যে লোকনিৰ্মাণ বিভাগে ২০২২ চনৰ ২৩ নমেম্বৰত আধাৰশিলা স্থাপন কৰিছিল নিৰ্মীয়মান কাৰ্যালয়টোৰ । মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, পান বজাৰৰ পৰা যিহেতু জিলা আয়ুক্তৰ কাৰ্যালয়টো উঠাই অনা হৈছিল, সেয়ে ইয়াৰ কোনো স্থায়ী ঠিকনা নাছিল ৷ এতিয়া এই কাৰ্যালয়ে এটা স্থায়ী ঠিকনা লাভ কৰিব ৷ লোকনিৰ্মাণ বিভাগৰ অভিযন্তাসকলে চলিত বৰ্ষৰ অক্টোবৰলৈ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ আত্মবিশ্বাস দেখুৱাইছে বুলিও তেওঁ কয় ৷

ইফালে তিনিচুকীয়াৰ এজন ছাত্ৰৰ আই আই টি খড়গপুৰত ৰহস্যজনক মৃত্যু ঘটা ঘটনাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, কলকাতা উচ্চ ন্যায়ালয়ত গোচৰটো চলি আছে ৷ এই গোচৰটো যাতে উচ্চ ন্যায়ালয়ে চিবিআইলৈ হস্তান্তৰ কৰে, তাৰ বাবে চেষ্টা চলোৱা হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত দুমাহেই অচল গাঁও পঞ্চায়ত - Irregularities alleged in panchayat

ABOUT THE AUTHOR

...view details