অসম

assam

ETV Bharat / state

হৃষীকেশৰ পৰাই বছৰটোক সপৰিয়ালে বিদায় জনাব ড৹ শৰ্মাই - CM IN HRISHIKESH

পৃথিৱীয়ে বিদায় দিবলৈ ওলাইছে এটা বছৰক ৷ বিশ্বজুৰি লুটিয়াই দিয়া হ'ব কেলেণ্ডাৰৰ শেষৰ পাতখিলা ৷

CM to Uttarakhand
হৃষীকেশৰ পৰাই বছৰটোক সপৰিয়ালে বিদায় জনাব ড৹ শৰ্মাই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 25, 2024, 3:20 PM IST

হায়দৰাবাদ:আৰু মাত্ৰ ছটা দিন ৷ তাৰ পিছতেই বিশ্বজুৰি লুটিয়াই দিয়া হ'ব কেলেণ্ডাৰৰ শেষৰ পাতখিলা ৷ পৃথিৱীয়ে বিদায় দিব এটা বছৰক ৷ এদিন-দুদিনকৈ অতীত হৈ যাব ২০২৪ চন ৷ বছৰটোৰ এই বিদায়বেলা আৰু এটা নতুন বছৰ আগমনৰ প্ৰাকক্ষণত সকলোৱে বিচাৰে দৈনন্দিন কৰ্মব্যস্ততাৰ পৰা আতৰি আপোনজন-পৰিয়ালৰ সৈতে অলপ হ'লেও নিজাকৈ সময় কটাবলৈ ৷ বিচাৰে ড৹ হিমন্ত বিশ্ব শৰ্মাইও ৷

সেয়েহে বছৰটোৰ শেষৰ দিনকেইটা পৰিয়ালৰ সৈতে পাৰ কৰিবলৈ বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ওলাইছে উত্তৰাখণ্ডলৈ ৷ প্ৰাত্যহিক কামকাজৰ পৰা কিছু আতৰি বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ শৰ্মা গুৱাহাটীৰ পৰা সপৰিয়ালে উৰা মাৰিব উত্তৰাখণ্ডলৈ ৷ নিশাৰভাগত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়াল উপস্থিত হ'ব হৃষীকেশত ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সুত্ৰই জনোৱা অনুসৰি এই ভ্ৰমণ তেওঁৰ কোনো চৰকাৰী ভ্ৰমণ নহয় ৷ সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণসূচী এয়া ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সুত্ৰটোৱে কয়- "এই পৰ্যন্ত মুখ্যমন্ত্ৰীৰ কেৱল হৃষীকেশৰ ভ্ৰমণসূচীহে চূড়ান্ত কৰা হৈছে ৷ শেষ মুহূৰ্তত এই সূচীত হয়তো আৰু স্থান অন্তৰ্ভুক্ত হ'ব পাৰে ৷"

বছৰৰ শেষৰ দিনটোলৈকে উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চল মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰিব ৷ ইয়াৰে ভিতৰত অন্যতম হৈছে পবিত্ৰ হৃষীকেশ, ডেৰাডুন আদি ৷ বৃহস্পতিবাৰে সপৰিয়ালে মুখ্যমন্ত্ৰীয়ে হৃষীকেশ ভ্ৰমণ কৰিব ৷ প্ৰাপ্ত ভ্ৰমণসূচী অনুসৰি 31 ডিচেম্বৰ পৰ্যন্ত মুখ্যমন্ত্ৰী ড৹ শৰ্মা উত্তৰাখণ্ডতে থাকিব ৷ অৱশ্যে নতুন বছৰৰ প্ৰথম দিনটো মুখ্যমন্ত্ৰীগৰাকী গুৱাহাটীতে থকাৰ কথা ৷

লগতে পঢ়ক: শৈশৱত মূলা বিক্ৰী কৰা স্থানত উন্নয়নৰ আধাৰশিলা কৰি নষ্টালজিক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details