অসম

assam

ETV Bharat / state

ফাকুৱা উৎসৱৰ দিনাই বটদ্ৰৱা থানত সেৱা ল'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই - CM at Batadrava than - CM AT BATADRAVA THAN

Batadrava Than : দৌল উৎসৱত বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উপস্থিত হয় নৰোৱা সত্ৰৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ বাসগৃহতো ।

Batadrava Than
বটদ্ৰৱা থানত সেৱা ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 7:04 PM IST

সদ্য প্ৰয়াত সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ বাসগৃহত মুখ্যমন্ত্ৰী

নগাঁও, 25 মাৰ্চ : সোমবাৰে দৌল উৎসৱৰ দিনাই গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হৈ সেৱা লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বটদ্ৰৱা থানত সেৱা লোৱাৰ পিচতেই নৰোৱা সত্ৰৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ বিয়োগৰ এটা দিনৰ পিচতেই শোকসন্তপ্ত পৰিয়ালৰ কাষত উপস্থিত হৈ খবৰ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

23 মাৰ্চত আকস্মিক বিয়োগ ঘটিছিল নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা শিল্পী দেৱানন্দ দেৱ গোস্বামীৰ ৷ বটদ্ৰৱা থানৰ উন্নয়নমূলক কামৰ যোগেদিয়েই সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ সৈতে থকা সম্পৰ্কৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়- "দেৱানন্দ দেৱ গোস্বামীৰ বিয়োগত আমি সকলো শোকস্তব্ধ ৷ তেঁও নৰোৱা, পাটবাউসীৰ লগতে 5 খন সত্ৰৰ সত্ৰাধিকাৰ আছিল ৷ তেওঁৰ পৰিয়ালৰ লগতে আমিও সমানে শোকৰ সমভাগী ৷"

বাসগৃহত উপস্থিত হৈ সদ্যপ্ৰয়াত সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে দৌল উৎসৱৰ দিনটোত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোনো ৰাজনৈতিক মন্তব্য তথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ বটদ্ৰৱাৰ পৰা ওভতাৰ পথত থানলৈ অহা বহু দৰ্শনাৰ্থীৰ সৈতে ছেলফিও উঠে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বটদ্ৰৱা ভ্ৰমণৰ সময়ত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথৰ লগতে বিজেপিৰ কেইবাগৰাকীও নেতাই সংগ দিয়ে ৷

লগতে পঢ়ক :বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰ দৌল: লোকাৰণ্য বৰপেটা সত্ৰ চৌহদ - BARPETA SATRA BHOR DOUL

ABOUT THE AUTHOR

...view details