ডিব্ৰুগড়:আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস । ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা । কিয়নো প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীক লৈ বিগত কেইবাটাও মাহ প্ৰস্ততি চলাই খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ বাবে সম্পূৰ্ণ সাজু কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে ।
স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰাৰ বিপৰীতে ৰাজ্যপালে গুৱাহাটীত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে । অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা খনিকৰ খেলপথাৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পতাকা উন্মোচন কৰাক লৈ নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰি তুলিছে আৰক্ষীয়ে ।
কাৰ্যসূচী অনুসৰি গণৰাজ্য দিৱস উপলক্ষে ডিব্ৰুগড়ৰ সচিবালয়ত পুৱাই গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পাছতে থানা চাৰিআলিত থকা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধা জনায় । ইয়াৰ পাছতে খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসত উপস্থিত হৈ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে খোলা জীপত উঠি ৰাইজক অভিবাদন জনাই পেৰেড পৰিৰ্দশন কৰে আৰু ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উৰুৱালে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা ।
মুখ্যমন্ত্ৰীয়ে পতাকা উন্মোচন কৰাৰ লগে লগে আকাশ মাৰ্গৰ পৰা হেলিকপ্তাৰৰ জৰিয়তে কৰা হয় পুষ্পবৃষ্টি । ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশ আৰু ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ কথা উল্লেখ কৰে । সেনা, আৰক্ষীৰ বিভিন্ন বিভাগ লগতে বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেড প্ৰদৰ্শন কৰা পাছতে ডিব্ৰুগড় জিলাৰ বিভিন্ন চৰকাৰী বিভাগে প্ৰতীকপট প্ৰদৰ্শন কৰে ।
পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধৰ বাবে হেলমেট পৰিধান কৰা প্ৰতীকপট প্ৰদৰ্শন কৰাৰ দৰে পানী যোগান আঁচনি, কৃষিকৰ্ম, বাল্য বিবাহ, প্ৰাকৃতিক দুৰ্যোগত সুৰক্ষা আদি প্ৰতীকপট প্ৰদৰ্শন কৰা হয় ।
২০২৭ চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন অনুষ্ঠিত হ'ব:
ডিব্ৰুগড়ত প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ পতাকাৰ উন্মোচন কৰি নিজৰ ভাষণত ডিব্ৰুগড় চহৰক লৈ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে ভাষণত কয়, "ডিব্ৰুগড় প্ৰশাসনিক আৰু বাণিজ্যিকভাৱে এখন শক্তিশালী চহৰ হিচাপে গঢ়ি উঠিছে । ডিব্ৰুগড়ৰ দৰে এখন ঐতিহাসিক চহৰত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকাৰ উন্মোচন কৰিবলৈ পাই নিজে গৌৰাম্বিত । ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে এয়াই প্ৰথম খোজ ।"
তেওঁ লগতে কয়, "ডিব্ৰুগড়ে ৰাজ্যখনক অৰ্থনৈতিক আৰু সাংস্কৃতিক ভাৱে প্ৰতিনিধিত্ব কৰে । ২০২৭ চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিবেশন অনুষ্ঠিত হ'ব । অহা বছৰ ডিব্ৰুগড়ত অসম বিধানসভাত স্থায়ী ভৱন নিৰ্মাণৰ কাম আৰম্ভ হ'ব । অহা তিনি বছৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰ হৈ উঠিব ।"
দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক শ্ৰদ্ধা: