তেজপুৰ, ৪ এপ্ৰিল :লোকসভা নিৰ্বাচনৰ পিচত অসমত পুনৰ ৫০ হাজাৰ নিযুক্তি দিয়াৰ সংকল্প অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে বিয়লি ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ।
ঢেকীয়াজুলি চাহ বাগিচাৰ খেলপথাৰত বিয়লি মুখ্যমন্ত্ৰী ড৹ শৰ্মা উপস্থিত হৈ নিযুক্তিৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । অসম আৰক্ষী আৰু কমাণ্ডো বাহিনীত নতুন পদ সৃষ্টি কৰিবলৈ যুৱক-যুৱতীসকলে দাবী জনোৱা বুলি কৈ এনেদৰে কয় মুখ্যমন্ত্ৰীয়ে ।
শোণিতপুৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকীয়াজুলিত প্ৰায় ১৫ হাজাৰ ভোটাৰৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে ৷ বিশেষকৈ ৰেচন কাৰ্ড ,অৰুণোদয় আৰু লাখপতি বাইদেউৰ বিষয়ে নিৰ্বাচনী সভাত মন্তব্য কৰে ।
তেওঁ ঢেকীয়াজুলি সমষ্টিত বিশেষকৈ ঢেকীয়াজুলিত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন, জি এন এম নাৰ্ছৰ ট্ৰেইনিং চেণ্টাৰ, যুৱক-যুৱতীৰ বাবে স্কিল ডেভলপমেণ্ট চেণ্টাৰ, জীয়া গাভৰু নৈৰ ওপৰত সংযোগী দলং, ঢেকীয়াজুলি টাউনত যান-বাহনৰ ভিৰ কমাবলৈ বাইপাছ, ভোটপৰা ষ্টেডিয়ামত SAI চেণ্টাৰ, গুপ্তেশ্বৰ দেৱালয়ৰ পৰ্যটনৰ আকৰ্ষণ কৰা বিষয়ে সংকল্প গ্ৰহণ কৰা বুলি সভাত মন্তব্য কৰে ।