নগাঁও, 25 ফেব্ৰুৱাৰী:নগাঁৱত দেওবাৰে পুৱা ভাগৰে পৰা দিনজোৰা বিভিন্ন কাৰ্যসূচীত ব্যস্ত থকাৰ মাজতে বিয়লি বঢ়মপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বঢ়মপুৰৰ নৱনিৰ্মিত ‘শ্বহীদ ঠগী সুত ক্ৰীড়া প্ৰকল্প’, ২৫ মেগাৱাট সৌৰশক্তিসম্পন্ন আজুৰ পাৱাৰ প্ৰকল্প আদি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এক বিশাল জনসমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এক প্ৰকাৰে নিৰ্বাচনী ৰণশিঙা বজায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদ ঠগী সুত ক্ৰীড়া প্ৰকল্পৰ বাবে পুনৰ ১০ কোটি টকা আবন্টন দিয়াৰ কথা ঘোষণা কৰাৰ উপৰি প্ৰয়োজন হ’লে অধিক পৰিমাণৰ ধন দিবলৈ চৰকাৰ সাজু আছে বুলি মন্তব্য কৰে ।
একেদৰে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৮ খন চাহ বাগিচালৈ ১০ লাখ টকাকৈ জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিবলৈ আবন্টন দিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ৷ তদুপৰি চাহ বাগিচা কেইখনত দক্ষতা বিকাশৰ ক্ষেত্ৰতো চিন্তা-চৰ্চা কৰি থকাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷