গোৱালপাৰা, ১২ জুলাই : বৃহস্পতিবাৰে সন্ধিয়া নৱাগত শিমলীতোলা নয়াপাৰাত সংঘটিত মৰ্মান্তিক নাও দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । তেওঁ এই শোকাৱহ দুৰ্ঘটনাটোত নিহতসকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায় । লগতে প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।
গোৱালপাৰাৰ নাও দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী (ETV Bharat Assam) নাও দুৰ্ঘটনাটোত নিহত প্রসেনজিৎ সাহা আৰু গৌৰাংগ মালাকাৰৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে পৰিয়ালটোৰ লোকসকলক সান্ত্বনা দিয়াৰ লগতে নিহতসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।
পৰিয়ালবৰ্গক সাক্ষাতৰ পিচত সাংবাদিকৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে কয়, "যোৱা বৃহস্পতিবাৰে এগৰাকী মহিলাৰ মৃতদেহ সৎকাৰ কৰিবলৈ গৈ উভতি অহাৰ পথত সংঘটিত নাও দুৰ্ঘটনাটো অতি মৰ্মান্তিক ঘটনা আছিল । উক্ত ঘটনাটোত ৫ গৰাকীকৈ লোকে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয় । নাও দুৰ্ঘটনাত নিহত পাঁচোগৰাকী লোক মৃত মহিলাগৰাকীৰ আত্মীয় আছিল ।"
আনহাতে, এনেকুৱা ঘটনা যাতে দ্বিতীয়বাৰ সংঘটিত হ'ব নোৱাৰে তাৰ বাবে সকলোকে সতৰ্ক থাকিবলৈও তেওঁ আহ্বান জনায় । লগতে নিহতসকলৰ নিকটাত্মীয়লৈ ৪ লাখকৈ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে নিহতৰ পৰিয়ালবৰ্গলৈ অন্যান্য সাহাৰ্য প্ৰদানৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ।
ইফালে মৃতদেহ সৎকাৰ কৰা শ্মশানখন যিহেতু বিলখনৰ মাজভাগত আছে আৰু বৰ্তমান চাৰিওফালে পানী, গতিকে পানী শুকুৱাৰ পিচত শ্মশানখনলৈ যোৱা ৰাস্তাটোৰ কেনেকৈ উন্নয়ন কৰিব পাৰি সেই বিষয়ে চিন্তা-চর্চা কৰাৰ লগতে শ্মশানঘাট উন্নয়নৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।
উল্লেখ্য, গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলাৰ নয়াপাৰাত বৃহস্পতিবাৰে বিয়লি সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাটোত নাৱৰ পৰা পানীত পৰি পাঁচজন লোক উটি যায় । তাৰে ভিতৰত তিনিজনৰ মৃতদেহ ঘটনাটোৰ পিচতে উদ্ধাৰ হয় যদিও সন্ধানহীন হয় আনি দুজন লোক । শুকুৰবাৰে নিৰুদ্দেশ হৈ থকা আৰু এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও এজনৰ সন্ধান এতিয়া লাভ কৰিব পৰা হোৱা নাই ৷
এই নাও দুৰ্ঘটনাটোত মৃত্যু হোৱা গৌৰাংগ মালাকাৰ, জীৎ কৰ্মকাৰ আৰু উদয় মালাকাৰ হৈছে একেটা পৰিয়ালৰে সদস্য । জানিব পৰা মতে, উদয় মালাকাৰৰ পত্নীৰ মৃতদেহ সৎকাৰ কৰি শ্মশানৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হৈছিল এই মৰ্মান্তিক নাও দুৰ্ঘটনাটো ।