অসম

assam

ETV Bharat / state

সহস্ৰাধিক নাচনীৰ বিহু নাচত কঁপিল টিংখাং - Rongali Bihu 2024 - RONGALI BIHU 2024

টিংখাং সমষ্টিৰ ঔ-গুৰি ৰাজহুৱা খেলপথাৰত কেবা সহস্ৰাধিক নাচনীৰ বিহু নাচ প্ৰদৰ্শন ৷ 10 দিনীয়া বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান ৷

BIHU WORKSHOP
টিংখাঙত বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 9:41 PM IST

টিংখাঙত বিহু সংস্কৃতিৰ বৰ্ণিল প্ৰকাশ

মৰাণ, 17 এপ্ৰিল : নিৰ্বাচনী ধামখুমীয়াৰ মাজতে টিংখাঙত বিহু সংস্কৃতিৰ বৰ্ণিল প্ৰকাশ ৷ সহস্ৰাধিক নাচনীৰ বিহু নাচত কঁপিল টিংখাং ৷ উল্লেখযোগ্য যে ৰাজনৈতিক দলসমূহে দেশৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি নিজৰ দল আৰু প্ৰাৰ্থীৰ সপক্ষে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ মাজতে টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ উদ্যোগত সমষ্টিটোৰ 17 টা স্থানত 10 দিনীয়া "বিহু কৰ্মশালা" অনুষ্ঠিত কৰা হয় ৷

বিহু বিশেষজ্ঞসকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰি থকা বিহু কৰ্মশালাসমূহ একলগ কৰি টিংখাং সমষ্টিৰ ঔ-গুৰি ৰাজহুৱা খেলপথাৰত কেইবাৰ সহস্ৰাধিক নাচনীৰ বৈচিত্ৰ্যময় বিহু নাচ প্ৰদৰ্শনেৰে আনুষ্ঠানিক ভাৱে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ বুধবাৰে এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন হয় ৷

বিহু নৃত্যৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে টিংখাঙৰ বিধায়ক তথা অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ৷ অনুষ্ঠান উদ্বোধন কৰি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ গীতৰ কলিৰ উদ্ধৃতিৰে মন্ত্ৰী বিমল বড়াই কয় যে, ব’হাগে অসমীয়া জাতিক সদায় সজীৱ কৰি আহিছে ৷ ব'হাগৰ নিজা সৌন্দৰ্যই সদায় মানুহক আকৰ্ষিত কৰি আহিছে আৰু মানসিক খোৰাক যোগায় আহিছে ৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বিগত বৰ্ষত বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যি প্ৰয়াস কৰিছিল তাৰ আৰম্ভণি টিংখাঙৰ পৰাই হৈছিল ৷ তদুপৰি প্ৰতি বছৰে মন্ত্ৰী বিমল বড়াই টিংখাঙৰ প্ৰতিটো পঞ্চায়ততে বিহু কৰ্মশালাত অনুষ্ঠিত কৰি নতুন প্ৰজন্মক বিহুৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে চেষ্টা কৰি আহিছে ৷

লগতে পঢ়ক :কোনে অর্জন কৰিলে 'বিহু সম্ৰাজ্ঞী ২০২৪ বর্ষ'ৰ খিতাপ ? - Guwahati Bihu Sanmilani

ABOUT THE AUTHOR

...view details