গুৱাহাটী, 25 মে':শেহতীয়াকৈ কিছুবছৰ ধৰি অসমত বতৰ ব্যাপকভাৱে সলনি হৈছে ৷ সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ বৃদ্ধি পাইছে ৷ তাৰ বিপৰীতে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে ৷ অসমত সৰ্বোচ্চ তাপমাত্ৰা 40 ডিগ্ৰী চেলছিয়াছৰ ঘৰ ক্ৰমাৎ অতিক্ৰম কৰাৰ উপক্ৰম হৈছে ৷ কম সময়ত বেছি বৰষুণৰ হোৱাৰ পৰিঘটনা বৃদ্ধি পাইছে ৷ অসমত জলবায়ু পৰিৱৰ্তনে ক্ৰমাৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা আৰম্ভ কৰিছে ৷ তাৰ বিপৰীতে কিন্তু জনগণৰ নিৰাপত্তাৰ দায়িত্বত থকা চৰকাৰ-প্ৰশাসন তথা জনপ্ৰতিনিধি সকল মুঠেই এই ক্ষেত্ৰত সজাগ হোৱা পৰিলক্ষিত হোৱা নাই ৷
ব্যৰ্থ ৰাজ্য চৰকাৰ !
উল্লেখ্য যে জলবায়ুৰ পৰিৱৰ্তন সমগ্ৰ দেশৰ লগতে অসমতো প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷ ৰাষ্ট্ৰসংঘৰ ইণ্টাৰ গৱর্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ চমুকৈ আই পি চি চিৰ 2007 চনৰ প্ৰতিবেদন মতে, বেছিকৈ জলবায়ু পৰিৱৰ্তনৰ কবলত পৰা দেশসমূহৰ ভিতৰত ভাৰতকো অন্যতম হিচাপে চিহ্নিত কৰিছে ৷ শেহতীয়াভাৱে বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী এন এইচ ৰবীন্দ্ৰনাথে দেশৰ 12 খন ৰাজ্যত চলোৱা অধ্যয়ন মতে- অসম, মিজোৰাম, জম্মু আৰু কাশ্মীৰ উদ্বেগজনকভাবে জলবায়ু পৰিৱৰ্তনৰ কৱলত পৰিছে ৷ ইফালে জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷
কি হ'ল অসমৰ ক্লাইমেট এক্সন প্লেনৰ ?
উল্লেখ্য যে জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে চৰকাৰে 'আছাম ষ্টেট এক্সন প্লেন অন ক্লাইমেট চেঞ্জ' (2015-20)চমুকৈ এছ পি এ চি চি শীৰ্ষক জলবায়ু পৰিৱর্তন সম্পৰ্কীয় এক্সন প্লেন প্ৰস্তুত কৰিছিল (Assam State Action Plan on Climate Change 2015-2020) ৷ কিন্তু এই এক্সন প্লেন কাৰ্যকৰী নহ'ল ৷ মাত্ৰ মাজুলীত পৰীক্ষামূলকভাৱে এই এক্সন প্লেন ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও তাতো এক্সন প্লেনখন সঠিকভাৱে ৰূপায়ণ নহ'ল ৷ 8-9 বছৰৰ পিচতো ৰাজ্য চৰকাৰে এই এক্সন প্লেনখন কাৰ্যকৰী কৰিব নোৱাৰি এতিয়া আকৌ 20230 বৰ্ষক ভিত্তি বছৰ হিচাপে লৈ এই এক্সন প্লেনখন সংশোধন আৰু সম্প্ৰসাৰিত কৰি 'ৰিভাইজড আছাম ষ্টেট এক্সন প্লেন অন ক্লাইমেট চেঞ্জ ( 2021- 2030)' প্ৰস্তুত কৰাৰ বাবে সিদ্ধান্ত লৈছে ৷
উদ্বেগজনকভাৱে হেৰাইছে বৃক্ষ আৱৰণ-