চিৰাং:বছৰৰ পিছত বছৰ ধৰি চলি অহা ভাৰতীয় ন্যায় ব্যৱস্থাৰ ধীৰগতিৰ প্ৰচলিত ধাৰাক নস্যাৎ কৰি চিৰাং জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তৰান্বিত বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে সকলো গোচৰ নিষ্পত্তি কৰি এক নতুন ইতিহাস তথা নজিৰ গঢ়িবলৈ সক্ষম হৈছে । চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ ড৹ নূপুৰ চন্দ্ৰ ভূঞাৰ আদালতে ৩১ ডিচেম্বৰ, ২০২৪ তাৰিখলৈকে তেওঁৰ আদালতত সকলো অমীমাংসিত গোচৰ ত্বৰান্বিত বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে সফলতাৰে নিষ্পত্তি কৰিছে ।
এই সাফল্যই ভাৰতীয় ন্যায়িক মহলত প্ৰচলিত ধাৰণা 'তাৰিখ পে তাৰিখ' অপযশৰ পৰা এক গুৰুত্বপূৰ্ণ প্রস্থান বুলি বিবেচিত হৈছে, যি দীর্ঘদিন ধৰি ভাৰতীয় ন্যায়িক ব্যৱস্থাক অন্তহীন স্থগিতাদেশ আৰু বিলম্বৰ সৈতে পীড়িত কৰি আহিছিল । চিৰাং জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ দ্বাৰা গোচৰসমূহৰ দক্ষ নিষ্পত্তিয়ে ভাৰতীয় ন্যায় ব্যৱস্থাত এক নজিৰবিহীন আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে বুলি বিবেচিত হৈছে ।
চিৰাং জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ এই সফলতাই কেৱল ভাৰতীয় ন্যায়িক প্রক্ৰিয়াৰ ওপৰত বিশ্বাস পুনৰুদ্ধাৰ কৰাই নহয়, আন আদালতবোৰেও এই আদৰ্শ অনুসৰণ কৰিব পাৰিব ভবা হৈছে । এই সফলতাই ন্যায়িক দক্ষতাৰ গুৰুত্ব আৰু নাগৰিকসকলক সময়মতে ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লক্ষণীয়ভাৱে, ভাৰতীয় ন্যায়পালিকাৰ ইতিহাসত সম্ভৱতঃ এয়া প্রথমবাৰৰ বাবে যে এখন দণ্ডাধীশ আদালতে তেওঁৰ আদালতত নিষ্পত্তি নোহোৱা গোচৰ শূন্য স্থিতি অর্জন কৰিছে ।
চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে কয়, "২০২৪ বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰ ২০২৪ লৈ অসমত ন্যায়িক আদালতৰ জৰিয়তে অপৰাধী সাব্যস্ত কৰাৰ হাৰ ২২.৬৮% শতাংশ । কিন্তু চিৰাং জিলাত ২০২৪ বৰ্ষৰ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ লৈ এই অপৰাধী সাব্যস্ত কৰাৰ হাৰ ২৩.২৯% শতাংশ । লক্ষণীয়ভাৱে কেৱল ডিচেম্বৰ মাহতে চিৰাং জিলা মুখ্য দণ্ডাধীশৰ আদালতত অপৰাধী সাব্যস্ত কৰাৰ হাৰ ২৬.৮৯% শতাংশ ।