অসম

assam

ETV Bharat / state

ছোৱাইন ফ্লুত আক্ৰান্ত শিশুৰ মৃত্যু; শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন পাঁচজন - Swine flu outbreak - SWINE FLU OUTBREAK

Swine flu: হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ শিশুৰ মৃত্যু । শিলচৰ মেডিকেল কলেজত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ শিশু সহ পাঁচজন চিকিৎসাধীন ।

SWINE FLU
SWINE FLU OUTBREAK (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 6, 2024, 5:28 PM IST

Updated : May 6, 2024, 6:53 PM IST

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ শিশুৰ মৃত্যু (ETV Bharat Assam)

শিলচৰ, ৬ মে': ছোৱাইন ফ্লুক লৈ আতংকৰ সৃষ্টি হৈছে হাইলাকান্দিত । হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু শিশুৰ । মৃত্যু হোৱা ডেৰ বছৰীয়া শিশুটিৰ নাম ফাৰহানা খানম । ছোৱাইন ফ্লুৰ বাবে জিলাখনত জাৰি কৰা হৈছে হাই এলাৰ্ট । ইপিনে, কাছাৰতো বৃদ্ধি পাইছে ছোৱাইন ফ্লুৰ সংক্ৰমণ । কাছাৰত ৪ শিশুসহ ৫ জন আক্ৰান্ত ছোৱাইন ফ্লুত । সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আক্ৰান্তসকল ।

৩, ৪ আৰু ৫ মহীয়া শিশু ছোৱাইন ফ্লুত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে । অৱশ্যে ছোৱাইন ফ্লুক লৈ আতংকিত হোৱাৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই বুলি প্ৰকাশ স্বাস্থ্য বিভাগৰ । শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাই কয় যে, শিলচৰ মেডিকেল কলেজত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এতিয়াও চিকিৎসাধীন হৈ আছে তিনিগৰাকী শিশু ।

যোৱা এসপ্তাহত শিলচৰ মেডিকেল কলেজত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ শিশুসহ পাঁচজন ভৰ্তি হৈ আছিল । ইয়াৰে সুস্থ হোৱাৰ পিছত দুজনক ঘৰলৈ যাবলৈ দিয়া হৈছে । চিকিৎসাধীন আন তিনিজন ক্ৰমে সুস্থ হোৱাৰ পথত । ছোৱাইন ফ্লুক লৈ কাছাৰ জিলাত আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি জনায় শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাই ।

তেওঁ কয়, সতৰ্কতা অৱলম্বন কৰিলেই এই ৰোগৰ পৰা ৰক্ষা পোৱা যায় । এই সময়চোৱাত মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সামজিক দূৰত্ব বজায় ৰখাৰ আহ্বান অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাৰ ।

ছোৱাইন ফ্লু মূলতঃ গাহৰিৰ ক্ষেত্ৰত দেখা দিয়া এবিধ ৰোগ । ১৯৩০ চনত আমেৰিকাত ধৰা পৰিছিল এই ৰোগ । তথ্য অনুসৰি ২০১৩ চনত ভাৰতত ৭০০ লোকৰ মৃত্যু ঘটিছিল এই ৰোগত । ছোৱাইন ফ্লু মূলতঃ ভাইৰাছৰ পৰা সৃষ্টি হোৱা এবিধ শ্বাস-প্ৰশ্বাসজনিত ৰোগ । ইয়াৰ মূল কাৰণ হ'ল ইনফ্লুৱেঞ্জা ভাইৰাছ-A । এই ৰোগত আক্ৰান্ত ৰোগীৰ হাঁচি, পানীলগা, কাহ, শ্বাস-প্ৰশ্বাসত কষ্ট, নিউমিনীয়া আদি লক্ষণে দেখা দিয়ে । শিশুসকল এইৰোগত অতি সোনকালে আক্ৰান্ত হোৱা দেখা যায় ।

লগতে পঢ়ক:গেছ ভৰ্তি টেংকাৰ আৰু আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, নিহত এজন - horrific Road Accident

Last Updated : May 6, 2024, 6:53 PM IST

ABOUT THE AUTHOR

...view details