যোৰহাট, 21 মে’ :সোপাধৰাৰ আতংকত ভীতিগ্ৰস্ত যোৰহাটৰ মৰিয়নীবাসী ৷ মৰিয়নীৰ চেলেং চাহ বাগিচাত সংঘটিত হৈছে তেনে এক ঘটনা ৷ বাগিচাখনৰ 6 নং লাইনত সন্দেহজনক তিনি লোকে সংঘটিত কৰিব খুজিছিল শিশু অপহৰণ কাণ্ড ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বাগিচাখনৰ 6নং লাইনৰ বাসিন্দা ৰাম সিং ভূমিজৰ সাত বছৰীয়া শিশুটিয়ে নিশা শোৱাপাটীৰ পৰা উঠি প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ গৈছিল ৷ শিশুটিক দুজন অচিনাক্ত লোকে সেই স্থানৰ পৰা মুখত সোপা দি ডাংকোলাকৈ লৈ যায় ৷
লগতে পঢ়ক:অপহৰণ নে আন কিবা ! তিনি নাবালক নিখোজ হোৱাক লৈ ৰহস্য ঘনীভূত - DOOM DOOMA MINOR MISSING CASE
পিছে শিশুটিয়ে চিঞৰি চিঞৰি দেউতাকক মতাত দেউতাক ওলাই আহি কণমানি পুত্ৰক নেদেখি হুলস্থূল কৰে ৷ ব্যক্তিগৰাকীৰ হুলস্থূলত ঘটনাস্থলীত গোট খায় চুবুৰীয়া লোকসকল ৷ শিশুটিৰ সন্ধানত সকলোকে আৰম্ভ কৰে বিচাৰ-খোঁচাৰ ৷
ইফালে, ৰহস্যজনকভাৱে শিশুটিয়ে নিজকে আৱিস্কাৰ কৰে এখন ভেনত ৷ ঘৰৰ পৰা প্ৰায় 400 মিটাৰ দূৰত্বত ৰখাই থোৱা ভেনখনৰ সমীপত আছিল এখন দোকান, যিখন শিশুটিৰ চিনাকী ৷ ভেনখনত এজন অপহৰণকাৰীয়ে ম’বাইলত ব্যস্ত থকাৰ সুযোগতে শিশুটিয়ে তাৰপৰা জীৱন ৰক্ষাৰ নিমিত্তে পলায়ন কৰে ৷ শিশুটিক পলোৱা দেখি পাছে পাছে কৰায়ত্ত কৰাৰ বাবে দৌৰি আহে আন দুজন অপহৰণকাৰী ৷