অসম

assam

ETV Bharat / state

বৃহস্পতিবাৰে ১২ ঘন্টীয়া বন্ধ চৰাইদেউত : আয়ুক্তৰে আলোচনাত আশ্বস্ত নহ’ল জিলাবাসী - Charaideo Maidam - CHARAIDEO MAIDAM

Charaideo district : ঐতিহাসিক চৰাইদেউ মৈদাম ৰক্ষাৰ বাবে বৃহস্পতিবাৰে ১২ ঘন্টীয়া বন্ধ পালন‌ কৰিব চৰাইদেউৰ ৰাইজে ৷ শান্তিপূৰ্ণভাৱে বন্ধ পালন‌ কৰিবলৈ ৰাইজক আহ্বান জনালে চৰাইদেউৰ দল-সংগঠনে ৷ দল-সংগঠনৰ সৈতে আলোচনাত বহিও দাবী পূৰণত ব্যৰ্থ হ'ল চৰাইদেউ জিলা প্ৰশাসন ৷

Charaideo district
কাইলৈ ১২ ঘন্টীয়া বন্ধ চৰাইদেউত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 5:25 PM IST

ডিব্ৰুগড়, ১৭ জুলাই :ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে চেষ্টা অব্যাহত ৰখা সময়তে জিলাৰ সীমাকেন্দ্ৰিক বিবাদে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে । ২০১৫ চনতে চৰাইদেউ জিলা ঘোষণা হোৱাৰ পিচতো আজিলৈকে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ নকৰাত সূত্ৰপাত ঘটিছে সীমাকেন্দ্ৰিক বিবাদৰ ৷ প্ৰশাসনিক দুৰ্বলতাৰ বাবেই আজিলৈকে দুয়োখন জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে ।

কাইলৈ ১২ ঘন্টীয়া বন্ধ চৰাইদেউত (ETV Bharat Assam)

আনহাতে আজিলৈকে সীমা নিৰ্ধাৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ মৈদামক শেহতীয়াকৈ শিৱসাগৰ জিলাত অন্তৰ্ভূক্ত কৰাৰ বাবে উঠিপৰি লাগিছে একাংশই ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো নিশ্চিত মীমাংসা কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাতে অন্তৰ্ভুক্ত কৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছিল যদিও কাৰ্যকৰী নহ’ল আজিপৰ্যন্ত ৷

ৰাজ্য চৰকাৰে চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ কৰি কৰি ঐতিহাসিক চৰাইদেউ মৈদাম কোন জিলাত অন্তৰ্ভুক্ত হ’ব তাৰ সিদ্ধান্ত দিব নোৱাৰাত জাঙুৰ খাই উঠিছে চৰাইদেউ জিলাৰ দল-সংগঠন আৰু চৰাইদেউ জিলা সুৰক্ষা সমিতি । চৰাইদেউ মৈদামে‌ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ পূৰ্বে ১৭‌ জুলাইৰ ভিতৰত ঐতিহাসিক চৰাইদেউ মৈদাম চৰাইদেউ জিলাত অন্তৰ্ভূক্ত কৰাৰ কথা ঘোষণা কৰিবলৈ সময় নিৰ্ধাৰণ কৰি দিছিল চৰাইদেউ মৈদাম সুৰক্ষা সমিতি আৰু বিভিন্ন দল-সংগঠনে ৷ কিন্তু আজি দিনটোলৈকে ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত দিবলৈ সক্ষম নহ’ল ৷ আজি বিফল হ'ল চৰাইদেউ জিলা আয়ুক্তৰ সৈতে দল-সংগঠনৰ বৈঠক ।

উল্লেখ্য যে, বিগত শনিবাৰে চৰাইদেউ জিলা বন্ধ ঘোষণা কৰি আজিৰ ভিতৰত চৰকাৰ, প্ৰশাসনৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱাৰ পিচত আজি চৰাইদেউ জিলা প্ৰশাসনে আলোচনাত বহিছিল জিলাৰ দল-সংগঠনৰ সৈতে । জিলা আয়ুক্তৰ সৈতে হোৱা সভা ব্যৰ্থ হোৱাৰ পিচতে চৰাইদেউ মৈদাম ৰক্ষাৰ স্বাৰ্থত ১৮ জুলাইৰ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে ১২ ঘন্টীয়া চৰাইদেউ জিলাৰ বন্ধ‌ ঘোষণা কৰিছে চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিৰ নেতৃত্বত চৰাইদেউ জিলাৰ সকলো দল-সংগঠনে । ৰাইজক শান্তিপূৰ্ণভাৱে বন্ধ কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনাইছে দল-সংগঠনে ।

লগতে পঢ়ক :সীমাক লৈ টনা-আঁজোৰা: ১৮ জুলাইত চৰাইদেউ জিলা বন্ধ ঘোষণা চৰাইদেউ জিলা সুৰক্ষা সমিতিৰ

ABOUT THE AUTHOR

...view details