অসম

assam

পিষ্টল দেখুৱাই দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন: আহত মহিলা - Chain Snatching

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 10:47 PM IST

Chain Snatching in Guwahati: স্মাৰ্ট আৰক্ষীৰ নিৰাপত্তাৰ স্বৰূপ উদঙাই গুৱাহাটী মহানগৰীত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস ৷ এইবাৰৰ স্থান জু-ৰোড । প্ৰাতঃভ্ৰমণলৈ যাওঁতেই ঘটিল অঘটন ।

Chain Snatching in Guwahati
গুৱাহাটীত চিলনী চোৰৰ আঘাটত আহত মহিলা (ETV Bharat Assam)

গুৱাহাটী, ২৫ আগষ্ট: স্মাৰ্ট আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পিচতো গুৱাহাটী মহানগৰীত অপৰাধীয়ে নিৰ্বিঘ্নে সংঘটিত কৰি আহিছে এটাৰ পিচত আনটো অপৰাধ । এই অপৰাধীৰ টিঘিলঘিলনিৰ বাবে এতিয়া প্ৰাতঃভ্ৰমণো সুৰক্ষিত নহয় । স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ মহানগৰীত সঘনাই বৃদ্ধি পাব ধৰিছে চেইন চুৰি, মোবাইল চুৰিৰ দৰে একাধিক অপৰাধমূলক ঘটনা । ইয়াৰ মাজতেই দেওবাৰে প্ৰাতঃভ্ৰমণলৈ যাওঁতে পিষ্টল দেখুৱাই দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ ডিঙিৰ সোণৰ চেইন ।

গুৱাহাটীত চিলনী চোৰৰ আঘাটত আহত মহিলা (ETV Bharat Assam)

গুৱাহাটীৰ এটা অভিজাত মিউজিক প্ৰতিষ্ঠান এন কে প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীৰ পত্নী ৰাণী বৰকটকীক পিষ্টল দেখুৱাই দুৰ্বৃত্তই কাঢ়ি নিলে ডিঙিৰ সোণৰ চেইন । ভুক্তভোগী ৰাণী বৰকটকীয়ে দেওবাৰে পুৱা প্ৰাতঃভ্ৰমণলৈ যাওঁতে জু-ৰোডৰ পিনাকি পথত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

ভুক্তভোগীগৰাকীয়ে এই ঘটনাৰ বিষয়ে বৰ্ণনা কৰি কয়, "মটৰ চাইকেলত অহা দুটা চিলনী চোৰে প্ৰথমতে মোৰ পিচে পিচে আহি আছিল । তাৰ পিচত চিলনী চোৰে মোক পিষ্টল দেখুৱাই ডিঙিৰ পৰা সোণৰ চেইনডাল কাঢ়ি লৈ পলায়ন কৰে ।" ইফালে চিলনী চোৰে টনা-আজোৰ কৰাত মহিলাগৰাকী বাগৰি পৰাত মূৰ আৰু ডিঙিত আঘাত পায় । সেই সময়তেই পিষ্টলধাৰী দুৰ্বৃত্তই পলায়ন কৰে ।

পিছত ভুক্তভোগী মহিলা গৰাকীয়ে 'চোৰ চোৰ' বুলি চিঞৰাত সেই স্থানত উপস্থিত হোৱা লোকে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে । ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত গীতানগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । জানিব পৰা মতে, চিলনী চোৰৰ আঘাটত মহিলাগৰাকীৰ মূৰত চাৰিটাকৈ চিলাই পৰিছে ।

লগতে পঢ়ক:মঠঘৰীয়াত মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়ালে সোণৰ চেইন - Chain Snatching

চিলনী চোৰৰ উৎপাতত সৰগ ভাগি পৰিল এগৰাকী শিক্ষয়িত্ৰীৰ মূৰত

ABOUT THE AUTHOR

...view details