অসম

assam

ETV Bharat / state

স্বৰ্গদেউসকলৰ আদৰ্শ-কৰ্মৰাজি আমি জীয়াই ৰাখিব লাগিব: চৰাইদেউত সৰ্বানন্দ সোণোৱাল - HERITAGE SITE CHARAIDEO MAIDAM

স্বৰ্গদেউসকলৰ গৌৰৱোজ্বল ৬০০ বছৰীয়া ৰাজত্বৰ ইতিহাসে আজি অসমীয়া জাতিক শক্তিশালী পৰিচয় দিলে ।

Central Minister Sarbananda Sonowal
চৰাইদেউ মৈদাম পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 6:25 PM IST

মৰাণ: আহোম ৰাজশাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰি আহোম ৰাজশাসনক পুনৰ বিশ্ব দৰবাৰত উজলাই তুলিলে । আহোম ৰাজশাসনৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা পাছতে যোৱা ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে বিশ্ব ঐতিহ্য সপ্তাহ ।

অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহ ২৫ নৱেম্বৰলৈ অনুষ্ঠিত কৰা হৈছে । বিশ্ব ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি ঐতিহাসিক ক্ষেত্ৰৰ আলোকচিত্ৰ প্ৰদৰ্শন, ঐতিহ্য যাত্ৰাৰ আয়োজন কৰা হৈছে ।

চৰাইদেউ মৈদাম পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

ইয়াৰ মাজতে বৃহস্পতিবাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মৈদাম ক্ষেত্ৰত উপস্থিত হয় ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । মৈদাম ক্ষেত্ৰত পূজা-অৰ্চনা কৰাৰ লগতে মৈদামসমূহ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ চৌহদত ঐতিহাসিক ক্ষেত্ৰৰ আলোকচিত্ৰ প্ৰদৰ্শন গৃহ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

অসমীয়া জাতিয়ে বিশ্বৰ মানচিত্ৰত এটা শক্তিশালী পৰিচয় বুটলিবলৈ সক্ষম হোৱাত আহোম স্বৰ্গদেউসকলক প্ৰণিপাত জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । "গৌৰৱোজ্বল ৬০০ বছৰীয়া ৰাজত্বৰ ইতিহাসে আজি অসমীয়া জাতিক এক সুকীয়া পৰিচয় দিলে । গতিকে স্বৰ্গদেউসকলৰ আদৰ্শ, তেওঁলোকৰ কৰ্মৰাজি আমি জীয়াই ৰাখিব লাগিব ।" এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

আনহাতে, সৰ্বানন্দ সোণোৱালৰ সৈতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম পেট্র'কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে অসম চৰকাৰৰ বহুকেইটা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

অসমীয়া জাতিয়ে বিশ্বৰ মানচিত্ৰত এটা শক্তিশালী পৰিচয় বুটলিবলৈ সক্ষম হ'ল : সৰ্বানন্দ সোণোৱাল

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মৈদাম ক্ষেত্ৰত উপস্থিত হোৱা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "চৰাইদেউ মৈদামলৈ আহি খুবেই ভাল লাগিছে । অসমীয়া জাতিয়ে বিশ্বৰ মানচিত্ৰত এটা শক্তিশালী পৰিচয় বুটলিবলৈ সক্ষম হ'ল । ইয়াৰ বাবে আহোম স্বৰ্গদেউসকলক প্ৰণিপাত জনাইছোঁ । স্বৰ্গদেউসকলৰ গৌৰৱোজ্বল ৬০০ বছৰীয়া ৰাজত্বৰ ইতিহাসে আজি অসমীয়া জাতিক শক্তিশালী পৰিচয়ৰ দিলে ।"

তেওঁ লগতে কয়, "বিদেশৰ পৰা পৰ্যটকসকলে ইতিমধ্যে চৰাইদেউ মৈদামলৈ আহিবলৈ আৰম্ভ কৰিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ সহযোগত যি প্ৰচেষ্টা হাতত ল'লে, তাৰ ফলশ্ৰুতিত আজি চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে । স্বৰ্গদেউসকলৰ আদৰ্শ আৰু কৰ্মৰাজি আমি জীয়াই ৰাখিব লাগিব ।"

লগতে পঢ়ক :চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰম্ভ হ'ল বিশ্ব ঐতিহ্য সপ্তাহ
লগতে পঢ়ক :বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণ বাবে তৎপৰতা আৰম্ভ জিলা প্ৰশাসনৰ - Demarcation of Charaideo Maidam

ABOUT THE AUTHOR

...view details