গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : কেন্দ্ৰীয় গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে অনিশ্চিত ভৱিষ্যতক লৈ শংকিত ৰাজ্যৰ প্ৰায় ৮০০০ চাহ শ্ৰমিকৰ বাবে আনিলে আশাৰ বতৰা । কেন্দ্ৰীয় মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সোমবাৰে গুৱাহাটীৰ বৰঝাৰত এক সংবাদমেল সম্বোধন কৰি আন আন বিষয়ৰ লগতে চাহ শ্ৰমিকৰ বোনাছ আৰু অসমৰ এণ্ড্ৰিউ য়ুল গ্ৰুপৰ মালিকানাধীন চাহ বাগিচাসমূহৰ বিত্তীয় সমস্যাৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ আদি বিভাগৰ মন্ত্ৰী বিমল বড়াও উপস্থিত থকা সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়, “অসমত এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানীৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বোনাছ প্রদানকে ধৰি অন্যান্য সমস্যাসমূহ সমাধানৰ ব্যবস্থা কৰা হৈছে ৷” লগতে তেওঁ অসমৰ এণ্ড্ৰিউ য়ুল গ্ৰুপৰ মালিকানাধীন চাহ বাগিচাসমূহে সন্মুখীন হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বান আৰু ইয়াৰ প্ৰভাৱ চাহ বাগিচাৰ শ্ৰমিকৰ উপাৰ্জনৰ ওপৰত পৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে ৷
তেওঁ লগতে কয়, "অসমলৈ অহাৰ পূৰ্বে এণ্ড্ৰিউ য়ুল গ্ৰুপৰ শ্ৰমিকৰ সমস্যাৰ সৈতে জড়িত ফাইলৰ কাম সম্পন্ন কৰি আহিছে ।"
উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানী লিমিটেডৰ ১০ খন চাহ বাগিচাৰ শ্ৰমিকৰ বোনাছ, দৰমহাকে ধৰি বিভিন্ন সমস্যাৰ বাবে বিগত কেইবা সপ্তাহ ধৰি বাগিচাসমূহত প্ৰায় অচলাৱস্থাৰ সৃষ্টি হৈ আহিছে । সেয়ে এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানী লিমিটেডৰ বাগিচাসমূহৰ সমস্যাৰ বুজ লোৱাৰ বাবে অহা মাহত অথবা ডিচেম্বৰত নিজেই পুনৰ অসমলৈ আহিব বুলিও সংবাদমেলত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰে ।
উল্লেখ্য, এই বিষয়টোৰ সমাধান বিচাৰি কিছুদিন পূৰ্বে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই কেন্দ্রীয় মন্ত্রী কুমাৰ স্বামীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে মুখ্য সচিব ডঃ ৰবি কোটায়ো কেন্দ্রীয় গুৰু উদ্যোগ দপ্তৰৰ সচিব কামৰাণ ৰিজভিক বিষয়টো সন্দৰ্ভত অৱগত কৰিছিল ।