অসম

assam

ETV Bharat / state

পুনৰ পাঁচ বছৰৰ বাবে দিল্লীয়ে নিষিদ্ধ কৰিলে আলফাক - BAN ON ULFA

২০১৯ৰ ২৭ নৱেম্বৰৰ পৰা ২০২৪ৰ ১ জুলাই লৈ ষোল্লটা অপৰাধমূলক গোচৰত লিপ্ত হৈছে আলফা ।

Ministry of Home Affairs On ULFA
আলফাৰ ওপৰত পুনৰ পাঁচ বছৰৰ নিষেধাজ্ঞা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 10:58 PM IST

গুৱাহাটী:কেন্দ্ৰীয় চৰকাৰে ২০২৪ ৰ ২৭ নৱেম্বৰৰ পৰা তাৎক্ষণিকভাৱে পুনৰ পাঁচ বছৰৰ বাবে ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ অসম (আলফা)ৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰিছে । সোমবাৰে গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক জাননীত এই বিষয়ে উল্লেখ কৰা হৈছে । লগতে ভাৰতৰ পৰা অসম ৰাজ্যক পৃথক কৰাৰ উদ্দেশ্য ঘোষণা কৰা, তেওঁলোকৰ সংগঠনৰ বাবে অহৰহ ভাবুকি আৰু ধন দাবী কৰা আৰু ধন দাবীৰ বাবে আন বিদ্ৰোহী গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ কথা বিবেচনা কৰি এই নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে ।

সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক জাননীত আৰু উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অভিমত হৈছে যে আলফাৰ ওচৰত অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ আছে আৰু ২০১৯ৰ ২৭ নৱেম্বৰৰ পৰা ২০২৪ৰ ১ জুলা লৈ কেবাটাও বিস্ফোৰণ বা বিস্ফোৰক সংস্থাপনৰ ঘটনাকে ধৰি ষোল্লটা অপৰাধমূলক গোচৰত লিপ্ত হৈছে । উল্লেখ্য় যে সংগঠনটোৱে এই বছৰ সমগ্ৰ অসমত স্বাধীনতা দিৱসৰ আগলৈকে কেইবাটাও ইম্প্ৰুভাইজড বিস্ফোৰক সঁজুলি বা বিস্ফোৰক স্থাপন কৰা বুলি দাবী কৰিছে ।

জাননীখনত পুনৰ উল্লেখ কৰা হৈছে যে আৰক্ষী বা নিৰাপত্তা বাহিনীৰ পদক্ষেপত তিনিজন দুধৰ্ষ কেডাৰক হত্যা কৰা, কেডাৰৰ বিৰুদ্ধে তিনিখন অভিযোগপত্ৰ দাখিল কৰা, পোন্ধৰটা গোচৰ পঞ্জীয়ন কৰা আৰু ২০১৯ ৰ ২৭ নৱেম্বৰৰ পৰা ১ জুলাই ২০২৪ ৰ ভিতৰত তিনিজন কেডাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আৰু আন ২৭ টা অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ সৈতে আলফা জড়িত আছিল । ইয়াত উল্লেখ কৰা হৈছে যে অসম চৰকাৰে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ (১৯৬৭ ৰ ৩৭)ৰ অধীনত আলফাক বে-আইনী সংগঠন হিচাপে ঘোষণা কৰাৰ বাবেও পৰামৰ্শ দিছে ।

জাননীখনত উল্লেখ কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে আলফাৰ ওপৰোক্ত কাৰ্যকলাপবোৰ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে ক্ষতিকাৰক । যদি এইবোৰ তৎক্ষণাৎ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে আলফাই পুনৰ সংগঠিত পাৰে । সংগঠনটো পুনৰ সজ্জিত হ'ব পাৰে । ইয়াৰ কেডাৰ সম্প্ৰসাৰিত কৰিব পাৰে । অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিব পাৰে । অসামৰিক লোক আৰু নিৰাপত্তা বাহিনীৰ লোকে প্ৰাণ হেৰুৱাব পাৰে । ইয়াৰ দ্বাৰা ইয়াৰ ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপ ত্বৰান্বিত কৰিব পাৰে বুলিও অধিসূচনাখনত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক:অসমত আলফাৰ পলিটিকেল এক্টিভিটী থাকক, মিলিটেণ্ট এক্টিভিটী থাকিব নালাগে : মুখ্যমন্ত্রী - Himanta Biswa Sarma

পুনৰ আলফা(স্বা)ৰ ধন দাবী আৰম্ভ: চিঠি আহিল বহুতলৈ

ABOUT THE AUTHOR

...view details