অসম

assam

ETV Bharat / state

অনলাইন ট্ৰেডিং; বিশাল-ৰঞ্জিতৰ জব্দকৃত সামগ্ৰী নিজৰ জিম্মাত ল'লে চি বি আইয়ে

Online Trading : অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িতৰ জব্দকৃত সামগ্ৰী ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নিলে দুখন বাহনত ।

seized goods of online trading scam
অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 10:12 PM IST

মৰাণ :অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনাই ইতিমধ্যে ৰাজ্য জোকাৰি গৈছে । ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বহুকেইজনক অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে অসম চৰকাৰে অনলাইন ট্ৰেডিং সম্পৰ্কীয় সকলো গোচৰ চি বি আইলৈ হস্তান্তৰ কৰিছে । অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰসমূহৰ তদন্তৰ দায়িত্ব লৈ চি বি আইয়ে ক্ষীপ্ৰতাৰে চলাইছে তদন্ত প্ৰক্ৰিয়া ।

ডিব্ৰুগড় সদৰ থানাত ৰুজু হৈ থকা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ দুটাকৈ গোচৰত তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়াইছে চি বি আইয়ে । যোৱা ১৮ অক্টোৱৰৰ পৰাই ডিব্ৰুগড়ত বাহৰ পাতি তদন্ত আৰম্ভ কৰিছিল চিবিআইৰ দলে । ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক দুটা গোচৰৰ তদন্ত আৰম্ভ কৰি এই গোচৰত গ্ৰেপ্তাৰ হোৱা সকলক নিজৰ জিম্মাত লৈছে চি বি আইয়ে ।

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা (ETV Bharat Assam)

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থকা বিশাল ফুকন, ৰঞ্জিত কাকতি, চুমী বৰা, তাৰ্কিক বৰা, অম্লান বৰাসহ আঠজনক ২৫ অক্টোবৰত চিবিআইয়ে গুৱাহাটীলৈ নিয়ে । তাৰ পাছতেই দেওবাৰে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত বিশাল ফুকন আৰু ৰঞ্জিত কাকতিৰ জব্দকৃত বিভিন্ন সামগ্ৰী আজি ডিব্ৰুগড় সদৰ থানাৰ পৰা গুৱাহাটীলৈ নিয়ে । এই সামগ্ৰী সমূহৰ ভিতৰত আছে বহু মূল্যৱান আ-অলঙ্কাৰ, এলচিডি টিভি, লেপটপ, কাপোৰ, নথি-পত্ৰ । দুটা ট্ৰাংক আৰু কেইবাটাও ট্ৰলী বেগত এই সামগ্ৰীসমূহ চি বি আইৰ এটা দলে দুখনকৈ বাহনত লৈ গুৱাহাটীলৈ ৰাওনা হৈছে । আনহাতে, বিশালৰ জব্দকৃত আঠখন বিলাসী বাহনসহ ৰঞ্জিত কাকতিৰ দুখন AUDI বাহন বৰ্তমান ডিব্ৰুগড় থানাতে আছে ।

কেতিয়া আৰক্ষীৰ জালত পৰিছিল বিশাল-ৰঞ্জিত :

বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল দুয়োজনকে । যোৱা ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছিল ।

আনহাতে,যোৱা ৩ ছেপ্টেম্বৰত Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙৰ অসমৰ দায়িত্বত থকা ৰঞ্জিত কাকতিক ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড় সদৰ থানাত 352/24 গোচৰ ৰুজু কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Actৰ অধীনত বিশাল ফুকন আৰু ৰঞ্জিত কাকতিক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক:গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ পালেহি চুমী-বিশালসহ আঠ অভিযুক্ত

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল বিশাল-চুমী-তাৰ্কিক, পিছে নতুন ঠিকনা কি হ’ব?

ABOUT THE AUTHOR

...view details