গুৱাহাটী, ৭ এপ্ৰিল : বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ সামৰণিত দেশৰ আন ৰাজ্যৰ লগতে অসমতো অহা ১১ এপ্ৰিলত ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হ'ব । এই উপলক্ষে গুৱাহাটীৰ বিভিন্ন স্থানত থকা ঈদগাহ ময়দান,মছজিদসমূহত ঈদৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । চূণ-তেল ঘহি সজাই তোলা হৈছে মছজিদ, ঈদগাহ আদি । ঈদ উপলক্ষে মহানগৰীৰ বজাৰ ছেৱৈৰ লগতে আন সুস্বাদু খাদ্য সামগ্ৰীৰে ভৰি পৰিছে । কিন্তু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পূৰ্বৰ তুলনাত মূল্য বৃদ্ধিয়ে ঈদৰ বজাৰত প্ৰভাৱ পেলাইছে ।
মহানগৰীৰ ব্য়ৱসায়ীসকলে এই সন্দৰ্ভত কয় যে পূৰ্বৰ তুলনাত এইবাৰ ঈদৰ বজাৰত ছেৱৈ, ফল আদিৰ ১০-১৫% মূল্য বৃদ্ধি হৈছে । যাৰ প্ৰভাৱ বজাৰত পৰিছে । ঈদলৈ মাজত যদিও কেইদিনমান বাকী আছে তথাপি পূৰ্বৰ দৰে সমাগম হোৱা নাই ঈদৰ বজাৰত । আনহাতে,ফাঁচী বজাৰৰ ছেৱৈ ,শুকান ফলৰ ব্যৱসায়ীয়ে উল্লেখ কৰা মতে,পাটনা, শিলিগুৰি, বাৰানসী, কলকাতা আদিৰ পৰা অহা লাচ্ছা ছেৱৈ, লাড্ডু ছেৱৈ, ফেনীকে ধৰি বিভিন্ন প্ৰকাৰৰ ছেৱৈ বজাৰত উপলব্ধ হৈছে । এইবোৰৰ মূল্য প্ৰতি কেজিত ১০০ৰ পৰা ৬০০ টকা পৰ্যন্ত বুলি ব্য়ৱসায়ীসকলে কয় । তেওঁলোকে কয় যে পূৰ্বৰ তুলনাত এইবাৰ ঈদৰ বজাৰত ছেৱৈৰ বিক্ৰী হ্ৰাস পাইছে ।