গুৱাহাটী :নৱবৰ্ষৰ পহিলা দিনটোত লোকাৰণ্য হৈ পৰিল খানাপাৰা পশু চিকিৎসা মহবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰি ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাত পুৱাৰে পৰা বহু লোকৰ সমাগম হোৱা দেখা যায় ৷
অৱশ্যে বুধবাৰে পুৱাৰ ভাগত যদিও মানুহৰ সমাগম কম আছিল সন্ধিয়ালৈ জনস্ৰোতে কেইবাহাজাৰৰ সীমা অতিক্ৰম কৰা দেখিবলৈ পোৱা গ’ল ৷ গ্ৰন্থৰ সান্নিধ্যত বছৰৰ প্ৰথম দিনটো উদযাপন কৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ, জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ এনে বিশাল সমাৱেশে খানাপাৰাৰ বাকৰিত উৎসৱৰ লহৰ সৃষ্টি কৰে ৷
বিপণিত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৫ ক স্বাগত জনাই নিৰ্মল আনন্দ উপভোগ কৰে হেজাৰ হেজাৰ পঢ়ুৱৈয়ে ৷ অৱশ্যে বুধবাৰৰ দিনটোত কিতাপ বিক্ৰীৰ সংখ্যাও আশাব্যঞ্জক আছিল বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷