লখিমপুৰ, ২৩ মে’:যোৱানিশা খেলমাটি আৰক্ষী চকীৰ ভিতৰত মৃত্যু হোৱা আশ্ৰফ আলীৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে পৰিয়ালক গতাই দিয়ে । পৰিয়ালৰ লোকে ঘটনাটোৰ ন্যায় বিচাৰ, ক্ষতিপূৰণ আদিৰ লগতে দিনৰ উত্তপ্ত পৰিস্থিতিৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেইজনক মুকলি কৰি দিয়াৰ দাবী জনাইছিল । অন্যথা মৃতদেহটো চমজি ল’বলৈ অস্বীকাৰ কৰে ।
যোৱা নিশাই আশ্ৰফ আলীৰ মৃত্যু হোৱাৰ পিছত আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ল যদিও দিনৰ উত্তপ্ত পৰিস্থিতি আৰু মৃতকৰ পৰিয়ালৰ দাবীৰ বাবে সন্ধিয়া পৰ্যন্ত আৰক্ষীয়ে মৃতদেহটো পৰিয়ালক গতাব পৰা নাছিল ।
পৰিস্থিতি স্বাভাৱিক কৰিবৰ বাবে উত্তৰ অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক বিজয় কুলিগামে লখিমপুৰত সংখ্যালঘু ছাত্ৰ সন্থাৰ বিষয়ববীয়া, স্থানীয় লোক আৰু পৰিয়ালৰ লোকৰ সৈতে আলোচনাত মিলিত হয় । সেই আলোচনা মৰ্মে পৰিয়ালৰ লোক মান্তি হোৱাৰ পিছত সন্ধিয়া প্ৰায় সাত বজাত আৰক্ষীয়ে মৃতদেহটো পৰিয়ালক গতাই দিয়ে আৰু ৰাইজে জানাজাৰ ব্যৱস্থা কৰে । ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী মহা পৰিদৰ্শকৰ নিৰ্দেশমৰ্মে বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাই তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক:এজন আচামীৰ মৃত্যুক লৈ জ্বলিছে লখিমপুৰৰ খেলমাটি; পৰিস্থিতি উত্তেজনাপূৰ্ণ