অসম

assam

ETV Bharat / state

মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা কয়েদীৰ মৃতদেহ উদ্ধাৰ লাহৰীঘাটত

Morigaon Jail: মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা আব্দুৰ ৰছিদ নামৰ এটা কয়েদীৰ মৃতদেহ উদ্ধাৰ । বাকী ৪ টা পলাতক কয়েদীক বিচাৰি অভিযান অব্যাহত ।

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 12:43 PM IST

Escaped prisoner body found
দেৱাগুৰি বিলত উদ্ধাৰ মৰিগাঁও কাৰাগাৰৰ পলাতক কয়েদীৰ মৃতদেহ (ETV Bharat)

নগাঁও, ১৪ অক্টোবৰ: ৩ দিনৰ অন্তত সন্ধান ওলাল মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা এটা কয়েদীৰ । অৱশ্যে জীৱিত নহয়, মৃতদেহ পোৱা গ'ল কয়েদীটো । মৰিগাঁৱৰ লাহৰীঘাটৰ দেৱাগুৰি বিলত উদ্ধাৰ হয় কয়েদীটোৰ মৃতদেহ । ঘটনাটোক লৈ এতিয়া সমগ্ৰ মৰিগাঁৱতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

মৰিগাঁও কাৰাগাৰৰ পৰা কয়েদীৰ পলায়ন

উল্লেখ্য যে মৰিগাঁও কাৰাগাৰৰ দেৱাল বগাই একেলগে ৫ টাকৈ কয়েদীয়ে পলায়ন কৰিছিল । যোৱা শুকুৰবাৰে কয়েদীৰ পলায়নৰ খবৰ পোহৰলৈ আহিছিল । নাবালিকা ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ পৃথক পৃথক গোচৰৰ অভিযুক্ত ক্ৰমে ছৰিফ উদ্দিন, জিয়াৰুল ইছলাম, নুৰ ইছলাম, মফিদুল ইছলাম আৰু আব্দুৰ ৰছিদে পলায়ন কৰিছিল । অভিযুক্তকেইটাৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছে মৰিগাঁও আদালতত ।

দেৱাগুৰি বিলত উদ্ধাৰ মৰিগাঁও কাৰাগাৰৰ পলাতক কয়েদীৰ মৃতদেহ (ETV Bharat)

কিন্তু দুৰ্গা পূজাৰ মাজতে বৃহস্পতিবাৰে নিশা মৰিগাঁও কাৰাগাৰৰ পৰা একেলগে আটাইকেইটা অভিযুক্তই পলায়ন কৰাৰ পাচতেই এক প্ৰকাৰ হাহাকাৰ লাগে মৰিগাঁও কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে মৰিগাঁও আৰক্ষীত । মৰিগাঁও জিলাৰ লাহৰীঘাট, মৈৰাবাৰীৰ লগতে শোণিতপুৰ জিলাৰ পৰা কৰায়ত্ত কৰি মৰিগাঁও কাৰাগাৰত ৰখা নাবালিকা ধৰ্ষণৰ অভিযুক্তকেইটাই কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পাচতে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছিল ।

লাহৰীঘাটত উদ্ধাৰ কয়েদীৰ মৃতদেহ

মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে সোমবাৰে পুৱা উদ্ধাৰ হয় আব্দুৰ ৰছিদ নামৰ কয়েদীটোৰ মৃতদেহ । লাহৰীঘাটৰ দেৱাগুৰি বিলত উদ্ধাৰ হয় মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰা আব্দুৰ ৰচিদৰ মৃতদেহ । স্থানীয় ৰাইজে সন্দেহ কৰা মতে আৰক্ষীয়ে বিচাৰি থকাৰ উমান পাইয়ে দেওবাৰে সন্ধিয়া বিলত নৌকাৰ পৰা জঁপিয়াই পুনৰ পলায়নৰ চেষ্টা কৰিছিল আব্দুৰে । সম্প্ৰতি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । একেদৰে বাকী ৪ পলাতক কয়েদীক বিচাৰিও আৰক্ষীয়ে অভিযান চলাই আছে ।

উল্লেখ্য যে চলিত বৰ্ষৰ ২৮ মে'ত আব্দুৰ ৰছিদৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাত ৰুজু হৈছিল নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ গোচৰ । লাহৰীঘাট আৰক্ষী থানাত ১০৫/২০২৪ নম্বৰত POCSO আইনৰ অধীনত কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ । এই গোচৰতেই লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বিগত মে' মাহত জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল আব্দুৰ ৰচিদক ।

লগতে পঢ়ক :মৰিগাঁও জিলা কাৰাগাৰৰ পৰা ৫ কয়দীৰ পলায়ন

মৰিগাঁও জিলা কাৰাগাৰৰ জেইলাৰক নিলম্বন

ABOUT THE AUTHOR

...view details