জোনাই, 30 আগষ্ট :জোনাইৰ চিমেন চাপৰিৰ ৰে’লৱে ষ্টেচনৰ সমীপত আজি পুৱাই উদ্ধাৰ হৈছে এজনৰ যুৱকৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে । উদ্ধাৰ হোৱা মৃতদেহটো চিমেন চাপৰি মাজখোৱা গাঁৱৰ মুন্না ওৰপে পল্লৱ গগৈ বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে ৷
বিৱৰণি অনুসৰি, আজি পুৱাই স্থানীয় লোকে যুৱকজনৰ মৃতদেহ ৰে’ল আলিৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰে ৷ লগে লগে স্থানীয় ৰাইজে চিমেন চাপৰি আৰক্ষী আৰু ৰে’ল আৰক্ষীক খবৰ দিয়ে ৷ তাৰ পাচতে ঘটনাস্থলীত চিমেন চাপৰি আৰক্ষী আৰু ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত ৷
জানিব পৰা মতে, যুৱকজনে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সেৱন কৰি আহিছে । অত্যাধিক পৰিমাণৰ ড্ৰাগছ সেৱন কৰাৰ ফলতে যুৱকজন মৃত্যু হোৱা বুলি সন্দেহ কৰিচে স্থানীয় ৰাইজে ৷ লগতে মৃতদেহৰ কাষৰ পৰা বহু নিচাজাতীয় সামগ্ৰীও উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷