গুৱাহাটী: নতুন বছৰটোৰ প্ৰাকক্ষণত বড়োভূমিৰ ৰাইজলৈ এক বিশেষ উপহাৰ আগবঢ়াব বুলি কেইদিনমান পূৰ্বে মন্তব্য কৰিছিল বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ সেই অনুসৰিয়েই সোমবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় "বি টি আৰ কমিউনিটী ভিছন ডকুমেন্ট ৷"
বি টি আৰত বসবাস কৰি অহা 26 টা ভিন ভিন জনগোষ্ঠী, খিলঞ্জীয়া লোকসকল আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ আৰু কল্যাণৰ হকেই এই ভিছন ডকুমেন্ট মুকলি কৰা হৈছে বুলি প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷ গুৱাহাটীৰ মাছখোৱা আই টি এ প্ৰেক্ষাগৃহত এই উপলক্ষে সোমবাৰে অনুষ্ঠিত অনুষ্ঠানটোত বি টি আৰ কমিউনিটী ভিছন ডকুমেন্ট মুকলি কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷
অনুষ্ঠানত ডাঃ ৰনোজ পেগু, অতুল বৰা, ৰণজিৎ দাস, অশোক সিংহল, উৰ্খাও গৌৰা ব্ৰহ্মকে ধৰি কেইবাগৰাকীও মন্ত্ৰীৰ উপৰি বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম চৰকাৰৰ মুখ্য সচিব ড৹ ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু সাংসদ দিলীপ কুমাৰ শইকীয়াও উপস্থিত থাকে ৷
অনুষ্ঠানত প্ৰমোদ বড়োৱে কয়- " এই ভিছন ডকুমেন্টৰ মুখ্য লক্ষ্যই হৈছে অঞ্চলটোত বসবাস কৰি অহা সকলো ভাষা-ভাষীৰ লোকৰ মাজত সমন্বয়, আস্থা আৰু বিশ্বাস গঢ়ি তোলাৰ লগতে সকলোৰে সম-বিকাশ ৷ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে যাতে বি টি আৰত নিজা ভাষা, কৃষ্টি, সংস্কৃতিক অটুত ৰাখি নিজা নিজা পৰিচয় গঢ়ি তুলিব পাৰে তাৰ বাবেই এই ভিছন ডকুমেন্ট মুকলি কৰা হৈছে ৷ এনে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাও আছে যিসকলে নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি আদিক আগুৱাই নিয়াৰ কোনো সুযোগ নাপায় ৷ তেনে জাতিসত্তাসমূহক এই ভিছন ডকুমেন্টৰ জড়িয়তে আগবঢ়াই নিয়া হ'ব ৷"
লগতে পঢ়ক:'২৫ ৰ ভিতৰত বি টি আৰ চুক্তিৰ দীৰ্ঘম্য়াদী দফা সমাধানৰ বাবে চৰকাৰ আগবাঢ়িছে : কাতিৰাম বড়ো