অসম

assam

ETV Bharat / state

অভিশপ্ত ৩০ অক্টোবৰ: গণেশগুৰিত নাই কোনো চৰকাৰী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

১৬ বছৰ অতিক্ৰম কৰিলে অভিশপ্ত ৩০ অক্টোবৰে । ২০০৮ চনৰ আজিৰ দিনটোৰ পৰাই বহু পৰিয়াললৈ নামি আহিছিল অন্ধকাৰ । ঘূৰি নাহিল আৰু প্ৰিয়জন ।

30 October bomb blast
অভিশপ্ত ৩০ অক্টোবৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী :২০০৮ ৰ পৰা পাৰ হৈ গ'ল ১৬ বছৰ । কেউপিনে আছিল মানুহৰ পোৰা মঙহৰ গোন্ধ । যিসকলে আপোনজন আজিৰ দিনটোত হেৰুৱাইছিল, যিসকলে আজিৰ দিনটোৰ পৰাই পংগুত্ব অৰ্জন কৰিছিল তেওঁলোকে এই ক’লা দিনটো সুঁৱৰি পাৰ পৰিছে সময় ।

কিন্তু এই দিনটোৰ কথা সকলোৱে পাহৰিছে । সময়ৰৰ লগে লগে পাহৰণি গৰ্ভলৈ গ'ল আজিৰ দিনটো । দুৰ্ভাগ্যৰ কথা যে অসমৰ ইতিহাসত ক'লা দিনৰূপে পৰিগণিত ৩০ অক্টোবৰৰ এই দিনটো ৰজাঘৰীয়াৰ লগতে পাহৰিলে দল-সংগঠনেও ।

অভিশপ্ত ৩০ অক্টোবৰ (ETV Bharat)

এই দিনটোত প্ৰাণ হেৰুওৱাসকলৰ সোঁৱৰণত গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ উৰণ সেতুৰ তলৰ বিস্ফোৰণস্থলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা পালন কৰা হৈছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । এই অনুষ্ঠানত মন্ত্ৰী-বিধায়কসকল উপস্থিত হৈছিল । কিন্তু দুৰ্ভাগ্যৰ কথা যে এইবাৰ গণেশগুৰি উৰণসেতুৰ তলত ঘটনাস্থলীত আয়োজন কৰা নহ'ল কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । নজ্বলিল এগছ চাকিও

লগতে পঢ়ক :পহিলা নৱেম্বৰৰ পৰা হাতীৰ পিঠিত উঠি কাজিৰঙা ফুৰিব পাৰিব পৰ্যটকে

জিলা প্ৰশাসনৰ নাম প্ৰকাশত অনিচুক এক বিষয়াই জনোৱা মতে, উৰণ সেতুৰ তলটো সংকুচিত হৈ অহাৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন নকৰিলে ।

২০০৮ চনত আজিৰ দিনটোত ক’ত ক’ত হৈছিল বোমা বিস্ফোৰণ ?

২০০৮ চনৰ দিপাৱলীৰ আনন্দৰ সময়তে সেই দিনটো অসমৰ ইতিহাসৰ বাবে এটা ক'লা দিন হিচাপে চিহ্নিত হৈছিল । গুৱাহাটী মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰী, বৰপেটাৰোড, কোকৰাঝাৰত একেলগে ১৮ টাকৈ বিস্ফোৰণত ৮০ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ লগতে চিৰদিনৰ বাবে ঘূণীয়া হৈ দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে বহুজনে । আজিও ন্যায় নাপালে ভুক্তভোগী পৰিয়ালে ।

লগতে পঢ়ক :উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰৱ গুৱাহাটীবাসী: দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details