লখিমপুৰ, ১১ এপ্রিল :যিকোনো পৰিস্থিতিত লখিমপুৰ লোকসভা সমষ্টি বিজেপিক লাগিব ! এফালে প্ৰচাৰত নামিব অসমৰ মুখ্যমন্ত্রী আনফালে কেন্দ্রীয় মন্ত্রী । হেভিৱেট নেতাৰ ৰণহুংকাৰ । ১২ এপ্ৰিল অৰ্থাৎ শুকুৰবাৰে লখিমপুৰত পুনৰ ৰণহুংকাৰ দিব বিজেপিৰ দুই হেভিৱেট নেতাই । এফালে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে বজাব ৰণশিঙা ।
জানিব পৰা মতে বিয়লি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই নাওবৈচা আৰু নৱগঠিত ৰঙানদী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব । উল্লেখ্য যে কংগ্রেছৰ দখলত আছে নাওবৈচা বিধানসভা সমষ্টি । এই নাওবৈচা সমষ্টিৰ সৰহভাগ সংযোজন কৰি নতুনকৈ গঠন কৰা হ'ল ৰঙানদী সমষ্টি । যাৰ বাবে দুয়োটা সমষ্টিতে কংগ্রেছৰ কিছু প্ৰভাৱ বিৰাজমান । সেয়েহে মুখ্যমন্ত্রীয়ে এই দুয়োটা সমষ্টি লক্ষ্য কৰি লৈছে ।
সমষ্টি দুটাত কংগ্রেছ প্ৰভাৱ ওফৰাই দিবলৈ মুখ্যমন্ত্রীয়ে নিজে ৰণক্ষেত্রত নামিব । এই দুটা সমষ্টিত মুখ্যমন্ত্রীয়ে ৰণহুংকাৰ দিয়াৰ বিপৰীতে লখিমপুৰ আৰু ঢকুৱাখনা সমষ্টিৰ সীমামূৰীয়া বগীনদীত একেদিনাই নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্রীয় মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । তেওঁ সেইদিনা ডিব্রুগড়ৰ পৰা বিশেষ হেলিকপ্টাৰযোগে পুৱা প্ৰায় ৯.৩০ মান বজাত বগীনদী হাইস্কুলৰ খেলপথাৰত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰিব ।
সেই সভাৰ পিচতে তেওঁ মাজুলীৰ দুখন সভাত অংশগ্রহণ কৰাৰ কথা আছে । তাৰ পৰা তেওঁ ধেমাজিতো আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি তিনিচুকীয়ালৈ উভতি যাব বুলি জানিব পৰা গৈছে । সেই দিনটোত লখিমপুৰত এফালে মুখ্যমন্ত্রী আৰু আনফালে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী ৰণশিঙা বজাব । লক্ষ্যণীয়ভাৱে সৰ্বানন্দ সোণোৱাল নিজে প্ৰাৰ্থী হৈও লখিমপুৰ আৰু যোৰহাট সমষ্টিৰ দলীয় প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।