তেজপুৰ: বিগত এবছৰ ধৰি মণিপুৰত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । অগ্নিগৰ্ভা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈ আহিছে । এনে পৰিস্থিতিৰ মাজতেই অনুপ্ৰৱেশকাৰীৰ সমস্য়াই জটিল ৰূপ লৈছে । সেয়েহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে মণিপুৰত চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ হোৱা নাগৰিকৰ বায়'মেট্ৰিক পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
এই বায়'মেট্ৰিক পৰীক্ষাৰ দ্বাৰা বৰ্তমানলৈকে চুবুৰীয়া ৰাজ্যখনত ৮,৫০০ লোকক পৰীক্ষা কৰা হৈছে বুলি সদৰী কৰিছে মণিপুৰৰ যুটীয়া গৃহ সচিব পিটাৰ চালামে । এই সন্দৰ্ভতগৃহ সচিব পিটাৰ চালামে ইটিভি ভাৰতক কয়, "ৰাজ্য চৰকাৰে বৰ্তমানলৈকে প্ৰায় ১০,৫০০ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিছে । ইয়াৰ ভিতৰত প্ৰায় ৮,৫০০ লোকৰ বায়'মেট্ৰিক পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে ।"
গৃহ সচিব পিটাৰ চালামে পুনৰ কয়, "বৰ্তমানলৈকে ৰাজ্যখনত এই বায়'মেট্ৰিক পৰীক্ষা কৰাৰ পিছত প্ৰায় ৩,৮০০ প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিওৱা হয় । " কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে মণিপুৰত গোষ্ঠীগত হিংসা চলি থকাৰ সময়তে ২০২৩ৰ ২৯ জুলাইত ৰাজ্য চৰকাৰক এই বায়'মেট্ৰিক পৰীক্ষা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল । চালামে কয়, "এই বায়'মেট্ৰিক পৰীক্ষা বৰ্তমান ৰাজ্যখনৰ প্ৰত্যেক জিলাতে চলি আছে ।"
উল্লেখ্য় যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে যোৱা ১৩ মে'ত এখন সংবাদমেলত উল্লেখ কৰিছিল যে মণিপুৰৰ চাণ্ডেলৰ দহখন গাঁৱত বায়’মেট্ৰিক পৰীক্ষা লোৱাৰ সময়ত ১১৬৫ জন অনুপ্ৰৱেশকাৰী পোৱা গৈছিল । একেদৰে টেঙনৌপাল জিলাৰ ১৩ খন গাঁৱত ১১৪৭ জন, চুৰাচান্দপুৰত ১৫৪ জন আৰু বাকী সকলো কামজং জিলাত পোৱা গৈছিল ।" মণিপুৰত বিগত বৰ্ষত ২০২৩ চনৰ ৩ মে'ৰ পৰা গোষ্ঠীগত হিংসাই গ্ৰাস কৰাৰ ফলস্বৰূপে প্ৰায় ৩০০ ৰো অধিক লোকৰ মৃত্যু হয় । প্ৰায় ৬০,০০০ লোক গৃহহীন হয় ।