গুৱাহাটী, ৩১ মাৰ্চ :লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সংকটত পৰিছে কংগ্ৰেছ দল । চৰকাৰে কংগ্ৰেছ দলৰ সকলো একাউণ্ট বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত আৰ্থিক সংকটৰ সন্মূখীন হৈছে বিৰোধী দলটো । যাৰ বাবে নিৰ্বাচনত দলীয় প্ৰাৰ্থীসকলক আৰ্থিকভাৱে সহযোগ কৰিব পৰা নাই কংগ্ৰেছে । এই কথা আজি ব্যক্ত কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
তেওঁ অসমবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে বিজেপি চৰকাৰে কংগ্ৰেছ দলৰ সকলো একাউণ্ট ছীল কৰা দিয়াৰ লগতে কংগ্ৰেছৰ পুঁজিৰ পৰা প্ৰায় ডেৰশ কোটি টকা কাঢ়ি লৈ গৈছে । তদুপৰি কেইবাশ কোটি টকা জৰিমনা ভৰোৱাইছে । এনে প্ৰেক্ষাপটত দলে সীমিত সামৰ্থৰেহে প্ৰাৰ্থীসকলক সহায় কৰিবলৈ সক্ষম হৈছে ৷
তেওঁ কয় যে, লোকসভা নিৰ্বাচনৰ বাবে এইখিনি আৰ্থিক সহায় যথেষ্ট নহয় । প্ৰাৰ্থীসকলক দলৰ ফালৰ পৰা যিমানখিনি আৰ্থিক সহায় আগবঢ়াব লাগিছিল সিমানমানখিনি সহায় দলে আগবঢ়াব পৰা নাই বুলি তেওঁ সদৰী কৰে । তেওঁ লগতে কয় যে ন্যায়ালয়ৰ হস্তক্ষেপত ছীল কৰি থোৱা একাউণ্টসমূহ খোলিব নোৱাৰিলে পৰৱৰ্তী সময়ত অন্য এক পৰিস্থিতিৰ সন্মুখীন হোৱাটো অনুমান কৰিছে কংগ্ৰেছে ।