অসম

assam

ETV Bharat / state

পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন; অহা ডেৰ বছৰ কাম কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ - BISHNURAM MEDHI SETU

দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণকাৰ্যৰ আৰম্ভণিতে সম্পন্ন কৰা হয় ভূমি পূজন ৷ উপস্থিত থাকে মুখ্যন্ত্ৰী ৷

BISHNURAM MEDHI SETU
পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন (@himantabiswa)

By ETV Bharat Assamese Team

Published : Dec 8, 2024, 10:10 PM IST

বাইহাটা: ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি সবলীকৰণৰ দিশত আজিৰ দিনটোক এক ঐতিহাসিক দিন বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে ৷

তেওঁ কয়, ‘‘নিৰ্মাণকাৰ্যৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি দলঙৰ ভূমি পূজন আজি সম্পন্ন কৰা হয় । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত অসম ভ্ৰমণ কৰাৰ সময়ত অসমবাসীক এইমছ, তিনিখনকৈ নতুন মেডিকেল কলেজ জনসেৱাৰ উদ্দেশ্যৰে উৎসর্গিত কৰাৰ লগতে নাহৰকটীয়াত পেট্র'কেমিকেলছ প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ উপৰি সেই দিনটোত সৰুসজাই ক্রীড়া প্ৰকল্পৰ পৰা ৩১৯৭.২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া পলাশবাৰী-শুৱালকুছি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল ।’’

তদুপৰি সেই দিনটোত ১২ হাজাৰ বিহুৱা-বিহুৱতীয়ে বিহু প্রদর্শন কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপনেৰে জাতিটোৰ নাম স্বর্ণিল আখৰেৰে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল বুলিও তেওঁ দোহাৰে ।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সকলো আনুষ্ঠানিকতা হোৱাৰ পিছত আজি ভূমি পূজন কৰা হয় । এই দলংখন ২০২৮ চনৰ জুন মাহত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য লোৱা হৈছে । দলংখন ৩.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ হোৱাৰ লগতে পলাশবাৰীৰ দিশত ৫.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথ থাকিব আৰু শুৱালকুছিৰ দিশত ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ'ব ।’’

শুৱালকুছিৰ উত্তৰ ফালে যি আৰ্দ্রভূমি আছে সেয়া যাতে সুৰক্ষা কৰিব পৰা যায় তাৰ বাবে উত্তোলিত পথ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ কয় । বাথান, শুৱালকুছি আৰু পলাশবাৰীৰ ৰাইজে যাতে পোনপটীয়াকৈ আহিব পাৰে তাৰ বাবেও ব্যৱস্থা ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে ৷ পলাশবাৰীৰ ফালেও তদ্রুপ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয় ৷

‘‘এই দলং নিৰ্মাণৰ ফলত সমগ্ৰ উত্তৰ আৰু দক্ষিণপাৰ মাজত যোগাযোগৰ এক অদ্ভুত ৰূপান্তৰ সম্ভৱ হৈ উঠিব আৰু শৰাইঘাট দলঙৰে নোযোৱাকৈ গুৱাহাটী বিশ্ববিদ্যালয়, মেঘালয়ৰ তুৰা, গোৱালপাৰা আদি ঠাইলৈ যোৱাটো সুবিধাজনক হ'ব । গুৱাহাটীত যিবোৰ চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ সুবিধা নাথাকে এতিয়া দলংখন হৈ উঠিলে হাজো, ৰামদিয়া, শুৱালকুছি আদি ঠাইত আঁচনি ৰূপায়ণ কৰিব পৰা যাব । ছয়গাঁও, বকোৰ ৰাইজে এইমছলৈ যাব লাগিলে এই দলঙৰে যাব পাৰিব ৷’’ মুখ্যমন্ত্ৰীয়ে কয় ৷

তেওঁ আৰু কয়, ‘‘২০১৪ চনত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা ধলা-শদিয়া দলঙৰ কাম সম্পূৰ্ণ কৰাৰ লগতে বগীবিল দলঙৰ নিৰ্মাণৰ কাম সম্পূর্ণ কৰে । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যোৰহাট আৰু মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলঙৰ কাম আৰম্ভ হৈছে । অহা বছৰৰ ভিতৰত গহপুৰ আৰু গোলাঘাটৰ মাজত ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ সুৰংগ পথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব । বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্রাণীক সুৰক্ষিত কৰি ৰখাৰ বাবে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৮ হাজাৰ কোটি টকা ব্যয়ৰে নির্মাণ হ'বলগীয়া এলিভেটেড ক'ৰিডৰ কাম এই বছৰ আৰম্ভ হ'ব ।’’

কলীয়াভোমোৰাত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ কাম সম্পূর্ণ হৈ উঠিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন নতুন দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব । গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন অহা বছৰ উদ্বোধন কৰা হ'ব বুলিও তেওঁ কয় । মুখ্যমন্ত্রীয়ে কয় যে নাৰেংগী আৰু কুৰুৱাৰ মাজত আন এখন দলঙৰ কাম এই বছৰতে আৰম্ভ কৰা হ'ব ।

বিৰোধী ঐক্য সন্দৰ্ভত মুখ্যমন্ত্ৰী:

অসমৰ বিৰোধী ঐক্যৰ হোটেল লিলিৰ বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শুৱালকুছিত কয়, ‘‘আগন্তুক ২০২৬ বিধানসভা নিৰ্বাচনলৈ বহুত দিন বাকী আছে । বাকী থকা ডেৰ বছৰত যিমান পাৰে বিজেপি দলে ৰাইজৰ হকে কাম কৰি যাব । কোন দলে ক’ত কি মিটিং কৰিছে সেইবোৰ চোৱাৰ বৰ্তমান বিজেপি দল তথা মুখ্যমন্ত্ৰীৰ হাতত সময় নাই ।’’

লগতে চাৰি জন কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান সন্দৰ্ভত মুখ্যমন্ত্ৰীযে কয়, "এই সময়ছোৱাত কোনো বিৰোধী বিধায়কে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা নাই আৰু যদি কোনোবা বিধায়কে বিজেপিত যোগদান কৰিব বিচাৰে তেন্তে অহা জানুৱাৰী, ফেব্ৰুৱাৰী মাহলৈ অপেক্ষা কৰক । এই ডেৰটা বছৰ বিজেপি দলে বেছি ৰাজনীতি কৰিব বিচৰা নাই ।’’ ইফালে অগপ দলৰ লগত মিত্ৰতা সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অগপৰ লগত মিত্ৰতা পূৰ্বৰ দৰে থাকিব ৷ কিন্তু আহি থকা পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা স্থানীয় পৰ্যায়ত হ’ব ৷

লগতে পঢ়ক:অসমক দুগ্ধ উৎপাদনত গুজৰাটৰ লেখীয়াকৈ গঢ়ি তোলাৰ আহ্বান মুখ্য়মন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details