অসম

assam

ETV Bharat / state

দেশ-বিদেশৰ পৰ্যটকক হাত বাউলি মাতিছে গ্ৰাম্যানুভূতিয়ে - Rural Tourism Centre - RURAL TOURISM CENTRE

Gramyanubhuti in Lakhimpur : লখিমপুৰ নগৰৰ সমীপতে আছে এক গ্ৰাম্য পৰ্যটন ক্ষেত্র । অতীজৰ অসমীয়া সমাজখনক নিটোল ৰূপত তুলি ধৰা গ্ৰাম্যানুভূতিক লৈ ইটিভি ভাৰতৰ সংবাদদাতা জীৱন গোস্বামীৰ এক বিশেষ প্ৰতিবেদন-

Gramyanubhuti in Lakhimpur
পৰ্যটকৰ আকৰ্ষণ গ্ৰাম্যানুভূতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 29, 2024, 4:25 PM IST

লখিমপুৰ, ২৯ ছেপ্টেম্বৰ:দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰিছে লখিমপুৰৰ গ্ৰাম্যানুভূতিয়ে । এই কেন্দ্ৰটো ন-ৰূপত সাজি-কাচি সাজু হৈছে গ্ৰাম্য পৰিবেশৰ সোৱাদ দিবলৈ । লখিমপুৰ নগৰৰ সমীপতে আছে নৱ চিন্তাৰে স্থাপন কৰা এক গ্ৰাম্য পৰ্যটন ক্ষেত্র । ব্যতিক্রমী চিন্তা-চৰ্চাৰ যুৱক দিকপল লাহনৰ মানস পুত্ৰ এই গ্ৰাম্যানুভূতি ।

অতীতে ৰিঙিয়াই

অতীজৰ গ্ৰাম্য সমাজ জীৱনত ব্যৱহৃত সা-সামগ্রী নিজৰ ঘৰৰ বুলনি চ'ৰাত সজাই তেওঁ ভাল পাইছিল । সেয়াই আৰম্ভণি । তেওঁৰ সংগৃহীত অতীজৰ গ্ৰাম্য সমাজৰ সা-সামগ্রী প্ৰত্য়ক্ষ কৰি ৰাইজে প্ৰশংসা কৰিছিল ৷ তেতিয়াৰ পৰা দুগুণ উৎসাহেৰে তেওঁ সা-সামগ্রী সংগ্রহ কৰি কেৱল তেওঁৰ ঘৰটোকে নহয় চৌহদটোকে আটোমটোকাৰি কৰি সজাই তুলিলে । এই দৰেই তেওঁ গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰ দুৱাৰখন খুলি দিলে ।

পৰ্যটকৰ আকৰ্ষণ গ্ৰাম্যানুভূতি (ETV Bharat Assam)

বিদেশৰ পৰা আহিছে পৰ্যটক

গ্ৰাম্যানুভূতি হৈ পৰিল গ্ৰাম্য পৰ্যটনৰ এক ক্ষেত্র । প্ৰথমে ৰাজ্য আৰু পাছত আন ৰাজ্যৰ পৰা পৰ্যটকৰ আগমন ঘটিল গ্ৰাম্যানুভূতিলৈ । ক্ৰমে পৰিসৰ বৃদ্ধি পালে । গ্ৰাম্যানুভূতিলৈ স্পেইন, আমেৰিকা, অষ্ট্ৰেলিয়া, ফিনলেণ্ড, আফ্ৰিকা, টাঞ্জেনিয়া আদি দেশৰ পৰাও পৰ্যটকৰ আগমন ঘটিল । অতীজৰ অসমীয়া গ্ৰাম্য সমাজখনৰ এক নিটোল পৰিবেশ সৃষ্টি কৰি পৌৰাণিক গ্ৰাম্য সমাজৰ সা-সামগ্রী সজাই পৰাই অনন্য ৰূপত জিলিকাই তোলা হৈছে গ্ৰাম্যানুভূতিক।

দেশ-বিদেশৰ পৰ্যটকক অতীজৰ অসমীয়া সমাজৰ খাদ্য সামগ্রীৰ পৰা সা-সামগ্রী সমূহ পৰিচয় কৰাই গ্ৰাম্যানুভূতি গৰ্বিত হৈছে । যোৱা বিশ্ব পৰ্যটন দিৱসৰ দিনা পুনৰ সজাই মুকলি কৰা হৈছে গ্ৰাম্যানুভূতিক । আনুষ্ঠানিকভাৱে মুকলি কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ।

এতিয়া ন-ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু গ্ৰাম্যানুভূতি । টঙি ঘৰৰ পৰা সকলো ধৰণৰ বিনোদন,খাদ্য সম্ভাৰ উপলব্ধ গ্ৰাম্যানুভূতিত। ব্যতিক্রমী চিন্তা-চৰ্চাৰে গঢ়ি তোলা লখিমপুৰৰ গ্ৰাম্যানুভূতিয়ে এতিয়া দেশ-বিদেশৰ সকলো পৰ্যটকক আদৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক:পবা সংৰক্ষিত বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈ আহ্বান প্ৰকৃতিপ্ৰেমীৰ - World Tourism Day 2024

বাৰেকুৰিত পৰ্যটনৰ মেটমৰা সম্ভাৰ, তৎস্বত্বেও বিভাগীয় অৱহেলা কিয় ? - World Tourism Day 2024

ABOUT THE AUTHOR

...view details