গুৱাহাটী :এইবাৰ অসম গ্ৰন্থমেলা, গুৱাহাটীত নাই বাংলাদেশৰ বিপণী । প্ৰত্যেক বছৰে অসম গ্ৰন্থমেলাত বাংলাদেশৰ বিপণীয়ে পাঠকৰ বিশেষ সমাদৰ লাভ কৰে । লগতে গ্ৰন্থমেলাৰ আকৰ্ষণো বৃদ্ধি কৰে । কিন্তু এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সেই আকৰ্ষণ নাই গ্ৰন্থমেলাত । উল্লেখ্য যে শুকুৰবাৰৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে অসম গ্রন্থমেলা, গুৱাহাটী । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত অসম গ্রন্থমেলাই ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰন্থানুৰাগী তথা পঢ়ুৱৈৰ সদায়ে বিশেষ সমাদৰ লাভ কৰি আহিছে ।
বৌদ্ধিক চিন্তাৰ স্থল হিচাপে চিহ্নিত অসম গ্রন্থমেলাত প্ৰত্যেক বছৰে দেশ-বিদেশৰ নামী-দামী প্রকাশক তথা বিক্রেতা সংস্থাই অংশগ্ৰহণ কৰি আহিছে । যাৰবাবে অসম গ্ৰন্থমেলাৰ প্ৰতি অসমেই নহয় সমগ্র উত্তৰ-পূৰ্বৰ পঢ়ুৱৈসকলে বছৰ জুৰি অপেক্ষা কৰি থাকে । এইবাৰ প্ৰথমবাৰৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে । ইয়াৰ পূৰ্বে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা ।
লক্ষণীয় বিষয় যে গুৱাহাটীৰ এই আভিজাত গ্রন্থমেলাখনত প্ৰতিবছৰেই অংশ লৈছিল বাংলাদেশৰ একাধিক গ্রন্থ বিক্রেতা প্রতিষ্ঠানে । এক কথাত অসম গ্রন্থমেলাৰ অন্যতম এক আকর্ষণ আছিল বাংলাদেশৰ গ্ৰন্থ বিপণী । এই গ্রন্থমেলাখনে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ভাষা-সাহিত্যৰ সোৱাদ ল’বলৈ সুযোগ দিছিল অসমৰ পঢ়ুৱৈ সমাজক । কিন্তু এইবাৰ অসম গ্ৰন্থমেলাত সেই আকর্ষণ নাই । বাংলাদেশৰ অস্থিৰ পৰিৱেশৰ প্ৰভাৱ যেন অসম গ্ৰন্থমেলাতো পৰিল । অসম গ্রন্থমেলাত অংশ লোৱা নাই বাংলাদেশৰ কোনো গ্ৰন্থ প্রকাশক তথা বিক্রেতা প্রতিষ্ঠানে ।
এই সন্দৰ্ভত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ কাৰ্যকৰী সভাপতি ধীৰাজ গোস্বামীয়ে কয়, "বাংলাদেশৰ অস্থিৰ পৰিৱেশৰ বাবেই হয়টো তেওঁলোক নাহিল । বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত ভাৰত-বাংলাদেশ দুয়োখন ৰাষ্ট্ৰই ভিছা প্ৰদান বন্ধ ৰখাত হয়টো গুৱাহাটীৰ গ্ৰন্থমেলাত বাংলাদেশৰ কোনো গ্রন্থ বিক্রেতা প্রতিষ্ঠানে অংশ গ্ৰহণ কৰিব নোৱাৰিলে ।"