যোৰহাট : উপ-নিৰ্বাচনৰ সময়ৰে পৰাই গো-মাংসক লৈ উত্তাল হৈ আছে ৰাজ্য । ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে উপ-নিৰ্বাচনৰ সময়ত বিজেপিৰ বিৰুদ্ধে গো-মাংস সন্দৰ্ভত বিতৰ্কিত মন্তব্য় কৰাৰ পিচতেই ইয়াকে লৈ আৰম্ভ হৈছে ৰাজনীতি । ইপিনে, অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
কেবিনেটে গো-মাংসক লৈ সিদ্ধান্ত গ্ৰহণ কৰা সন্দৰ্ভত যোৰহাট ঈদগাহ সমিতিৰ সম্পাদক পাৰভেজ হুছেইনে কয়, "গো-মাংস নিষিদ্ধ কৰা বিষয়টো এক ৰাজনৈতিক ইচ্ছ্য়ু । তেওঁলোকে কয় এইখন ডবল ইঞ্জিন চৰকাৰ আৰু অসমৰ ইঞ্জিনটো সৰু, মুখ্য ইঞ্জিনটো আছে দিল্লীত । সেয়েহে আমি কওঁ যে প্ৰথমতে বিজেপি শাসিত চৰকাৰখনে গো-মাংসৰ ৰপ্তানি বন্ধ কৰক । গো-মাংস ৰপ্তানিত ভাৰত তৃতীয় ৰপ্তানিকাৰী দেশ ।"
তেওঁ পুনৰ কয়, "গো-মাংস ৰপ্তানি কৰা কোম্পানীৰ পৰা বিজেপি চৰকাৰখনে নিৰ্বাচনৰ বাবে টকা লয় । এয়া জানো হিন্দুত্ববাদী চৰকাৰখনৰ বাবে উচিত কাৰ্য ?" লগতে তেওঁ কয় যে যি সময়ত ৰাইজ বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈ আছে, সেই সময়ত মুখ্যমন্ত্ৰীৰ এনে চিন্তাই এই কথাকে স্পষ্ট কৰিছে যে তেওঁলোকে ২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বৰ বাবে এই সময়ত গো-মাংস বিষয়টো টানি আনিছে ।